হত্যাৰ গোচৰত অভিযুক্ত হ’ব অভিনেত্রী নন্দিনী কাশ্যপঃমুখ্যমন্ত্রী

হত্যাৰ গোচৰত অভিযুক্ত হ’ব অভিনেত্রী নন্দিনী কাশ্যপঃমুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- নিশা গুৱাহাটীৰ ৰাজপথত এজন যুৱকক গাড়ীৰে খুন্দিয়াই মৃত্যুৰ দুৱাৰডলিলৈ ঠেলি দিয়া অভিনেত্রী  নন্দিনী কাশ্যপৰ গ্ৰেপ্তাৰক লৈ যোৱা সময়ছোৱাত চলি থকা বিভিন্ন বিতর্ক তথা যান-বাহন আৰক্ষীৰ ভূমিকাক লৈ চলা চর্চাক লৈ প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমগ্র ঘটনা সন্দৰ্ভত বিস্তৃত তথ্য সদৰী কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- অভিনেত্রী নন্দিনী কাশ্যপে যিদিনা ৰাজপথত যুৱকজনক খুন্দিয়াইছিল, সেইমুহূর্ততে তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে তেওঁক জামিনত মুকলি কৰি দিব লাগিলহেঁতেন। এয়া আৰক্ষীৰ এটা ষ্ট্ৰেটেজী। আৰক্ষীয়ে গম পাইছিল যে অভিনেত্ৰীগৰাকীয়ে খুন্দিওৱা যুৱকজন গুৰুতৰভাৱে আহত হৈ আছে। এনে অৱস্থাত যদি তেওঁক নিশাই গ্ৰেপ্তাৰ কৰা হ’লহেঁতেন, আইন অনুসৰি তেওঁক জামিন দিব লাগিলহেঁতেন। যেতিয়ালৈকে অভিনেত্ৰীগৰাকীৰ খুন্দিওৱা যুৱকজন গুৰুতৰভাৱে আহত অথবা মৃত্যু হোৱা বুলি তথ্য পোৱা নাযায়, তেতিয়ালৈকে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিব পৰা নগ’লহেঁতেন। আৰক্ষীয়ে কৌশলগতভাৱে যি কৰিব লাগে সেয়া কৰিছে। যাৰ বাবে আজি অভিনেত্ৰীগৰাকী গ্ৰেপ্তাৰ হৈ আৰক্ষীৰ জিম্মাত আছে। তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে চার্জশীট দিব। এই গোচৰটো হত্যাৰ গোচৰৰ লগত ৰিজাব পাৰি। গতিকে হত্যাৰ গোচৰত অভিযুক্ত হ’ব অভিনেত্রী নন্দিনী কাশ্যপ।