ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে  মিছন বসুন্ধৰা-৩.০ৰ অধীনত ভূমি আবণ্টন, খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি নিষ্পত্তি, জলজীৱন মিছন ঠিকাদাৰক সকাহ প্রদানকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেবিনেট সিদ্ধান্ত সম্পর্কে সদৰী কৰি কয় যে ৰাজ্যিক কেবিনেটে টিৰাপ জনজাতীয় বেল্টত আহোম, মটক, মৰাণ, চুতীয়া, গোর্খা, কোচ ৰাজবংশী, চাহ জনজাতি আৰু আদিবাসী সম্প্রদায়ক সংৰক্ষিত শ্ৰেণীৰ লোকৰ তালিকাত অন্তর্ভুক্তিত অনুমোদন জনায়। অসম ভূমি আৰু ৰাজহ অধিনিয়ম ১৮৮৬ৰ ১০৬নং অনুচ্ছেদৰ ২নং উপ-অনুচ্ছেদ অনুসৰি সম্প্রদায়কেইটাৰ যিসকলে ২০১১ চনৰ পূৰ্বৰে পৰা এই বেল্টৰ ভূমিত বসবাস কৰি আহিছে, তেওঁলোকেহে এই সুবিধা লাভ কৰিব। এই সিদ্ধান্তৰ ফলত টিৰাপ জনজাতীয় বেল্টত বাস কৰা সম্প্রদায়কেইটাৰ ২০ হাজাৰ লোকে ভূমিৰ আবণ্টন লাভ কৰিবলৈ সক্ষম হ’ব। কেবিনেটে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ প্ৰবক্তাসকলৰ পদোন্নতি সম্পৰ্কীয় কেৰিয়াৰ এডভাঞ্চডমেন্ট আঁচনি সন্দর্ভত এলানি সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্রী ড° শর্মাই এই সিদ্ধান্তসমূহ জানিবলৈ দি কয় যে ছিলেকচন গ্রেড আৰু ছিনিয়ৰ গ্রেডলৈ পদোন্নতি লাভ কৰা প্ৰবক্তাসকলৰ জ্যেষ্ঠতা পদোন্নতিৰ বাবে যোগ্যতা লাভ কৰা দিনৰ পৰা হিচাপ কৰা হ’ব। আনহাতে, পৰৱৰ্তী পদোন্নতি লাভ কৰাৰ ক্ষেত্ৰত এই জ্যেষ্ঠতা প্রযোজ্য হ’ব। তদুপৰি এই জ্যেষ্ঠতা দৰমহা নিৰ্ধাৰণৰ বাবে বা বকেয়া দৰমহা আৰু বৰ্তমানৰ দৰমহাৰ দাবী প্ৰযোজ্য নহ’ব। ৰাজ্যিক কেবিনেটে লোকনির্মাণ বিভাগৰ বঙাইগাঁও উপ-সংমণ্ডলৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ সন্দেহজনক আত্মহত্যাৰ তদন্ত চিবিআইলৈ হস্তান্তৰৰ বাবে অনুমোদন জনায়। এই প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ঘটনাটোৰ তদন্তৰ বাবে এটা সাতজনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছিল। ঘটনাস্থলীত ভিডিঅ’ত আবদ্ধ কৰাৰ লগতে ফৰেনছিক দল আৰু অপৰাধ অনুসন্ধানকাৰী দলে পৰীক্ষা কৰিছিল। যোষিতা দাসৰ মৰণোত্তৰ পৰীক্ষা, ফোনকলৰ তথ্য বিশ্লেষণ আদি সম্পন্ন কৰা হৈছে। তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ৯৪নং ধাৰাৰ অধীনত এখন জাননী জাৰি কৰা হৈছে। ৰাইজৰ দাবী আৰু সম্ভাব্য আন্তঃৰাজ্যিক সংযোগৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ বাবে ৰাজ্য চৰকাৰে তদন্তৰ ভাৰ আজি চিবিআইক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লয়। ইফালে, আজিৰ কেবিনেটে বিলৰ ধন নোপোৱা জলজীৱন মিছনৰ ঠিকাদাৰসকলক তেওঁলোকৰ পাৰ্ফৰমেঞ্চ গেৰাণ্টীৰ ধন ওভতাই দিবলৈ সিদ্ধান্ত গ্রহণ কৰে। অৱশ্যে ঠিকাদাৰসকলে জমা দিয়া ৰিটেনচন ধন ওভতাই দিয়া নহয়। যিসকল ঠিকাদাৰে কামৰ বাবদ পাবলগীয়া ধন পার্ফৰমেঞ্চ গেৰাণ্টী ধনতকৈ বেছি তেওঁলোকেহে এই সুবিধা লাভ কৰিব। তদুপৰি কেবিনেটে জলজীৱন মিছনৰ অধীনত স্বেচ্ছাসেৱক হিচাপে কৰ্মৰত স্বজলমিত্ৰ আৰু জল সহায়কসকলৰ কাৰোবাৰ আকস্মিক মৃত্যু হ’লে তেওঁলোকৰ নিকটাত্মীয়ক পাঁচ লাখ টকাৰ এককালীন সাহায্য প্রদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। কেবিনেটে মিছন বসুন্ধৰা-৩.০ৰ অধীনত ভূমি অনুমোদন জনায়। এই অনুসৰি আঠখন জিলাৰ ২৯৯খন আবেদন বার্ষিক পট্টাৰ পৰা মাটি ম্যাদী পট্টালৈ ৰূপান্তৰকৰণ কৰা হ’ব। সমান্তৰালভারে ১০টা আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ভূমি আবণ্টন, ডিব্ৰুগড়ত ১১৮খন আবেদনৰ ক্ষেত্ৰত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন, সাতখন জিলাৰ ১৯০ অব্যক্তিগত ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ আৰু ধেমাজি পৌৰ নগৰৰ পৰিধি ১ কিলোমিটাৰৰ পৰা ৫ কিলোমিটাৰৰ ভিতৰত বাস কৰা ১,৭৪২টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি আবণ্টনত অনুমোদন জনায় কেবিনেটে। উল্লেখ্য যে মিছন বসুন্ধৰা-২.০ত সীমিত সময়সীমাৰ বাবে আবেদন কৰিব নোৱাৰা বৃহৎসংখ্যক জনজাতীয় লোকৰ সুবিধাৰ বাবে ধেমাজি পৌৰ নগৰৰ পৰিধি ৫ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত কৰা হৈছে। কেবিনেটে আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সুবিধা ২০২১ চনৰ ১ এপ্রিল বা তাৰ পৰৱৰ্তী সময়ত ৰাজ্যিক অথবা কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিশ্ববিদ্যালয় তথা প্রতিষ্ঠানত নামভৰ্তি কৰা পূর্ণকালীন গৱেষকসকললৈ সম্প্ৰসাৰিত কৰাত অনুমোদন জনায়। এই আঁচনিৰ জৰিয়তে সকলো পূর্ণকালীন গৱেষকক সামৰি লোৱাত আবেদনকাৰীৰ সংখ্যা ১,৩০০ৰ পৰা ৯,৯৫৩লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত ২৬.২১ কোটি টকা ব্যয় হ’ব। কেবিনেটে আজি পথ, নলা, পাম্পিং ষ্টেচন, ট্রেন্সফৰ্মাৰ আদিৰ মূল্যাংকন আৰু তত্ত্বাৱধানত সহায়ৰ হেতু গুৱাহাটীৰ ৩২৮ বর্গকিঃমিঃ সামৰি এৰিয়েল লীডাৰ জৰীপ আৰু জিএমডিএ, জিএমচি এলেকাত জিআইএছ ডাটাবেছ বিকাশত অনুমোদন জনায়। অসমৰ কাছাৰত বসতি এলেকা বিশ্লেষণ, মুখ্য প্রকল্প পৰিকল্পনা, কেনেল লেআউট আৰু কামাণ্ড এৰিয়া মেপিং আদিত সহায় হোৱাকৈ ১৪৭ বর্গকিঃমিঃ সামৰি সোণাই জলসিঞ্চন প্ৰকল্পৰ বাবে এৰিয়েল লীডাৰ জৰীপত অনুমোদন জনায়। কেবিনেটে বদৰপুৰত পানী যোগান আঁচনিৰ বাবে প্রশাসনিক অনুমোদন জনায়। এই খোৱাপানী যোগান আঁচনিখনৰ বাবে ৪৯.৫৮৮ কোটি টকা ধাৰ্য কৰা হৈছে। খোৱাপানী যোগান আঁচনিখন ৰূপায়ণ কৰি প্ৰতিষ্ঠানটোৱে সাত বছৰৰ বাবে ইয়াৰ চোৱাচিতাৰ দায়িত্বত থাকিব।