হিন্দুৱে কেতিয়াও সন্ত্রাসবাদক বিশ্বাস নকৰে আৰু হিন্দুই সন্ত্রাসবাদী হ’বই নোৱাৰেঃ মুখ্যমন্ত্রী

 হিন্দুৱে কেতিয়াও সন্ত্রাসবাদক বিশ্বাস নকৰে আৰু হিন্দুই সন্ত্রাসবাদী হ’বই নোৱাৰেঃ মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- ২০০৮ চনৰ মহাৰাষ্ট্ৰৰ মালেগাঁও বোমা বিস্ফোৰণৰ অভিযুক্তক আদালতে দোষমুক্ত ঘোষণা কৰিছে । বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা সিং ঠাকুৰকে ধৰি ৭ অভিযুক্তক এন আই এৰ বিশেষ আদালতে দোষমুক্ত ঘোষণা কৰে । লগে লগে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আদালতৰ চূড়ান্ত ৰায়দান সংক্রান্তত প্রতিক্রিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য- হিন্দু কেতিয়াও সন্ত্রাসবাদী হ’ব নোৱাৰে। এই কথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সদনত কৈ দিছে। কংগ্ৰেছৰ দিনত হিন্দু সন্ত্রাসবাদীৰ কথা কোৱা হৈছিল। দৰাচলতে কংগ্রেছে এক বিশেষ জাতিক তুষ্টিকৰণৰ বাবে হিন্দু সন্ত্রাসবাদী শব্দটো সৃষ্টি কৰিছিল। হিন্দুৱে কেতিয়াও সন্ত্রাসবাদক বিশ্বাস নকৰে আৰু হিন্দুই সন্ত্রাসবাদী হ’বই নোৱাৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- হিন্দু দর্শন মতে হিন্দু কেতিয়াও সন্ত্রাসবাদী হ’ব নোৱাৰে। হিন্দুৰ সংস্কৃতি আৰু সভ্যতাই কেতিয়াও বা হিন্দুৰ কানো ধর্মগ্রন্থত সন্ত্রাসবাদক কেতিয়াও উৎসাহিত কৰা নাই। কিন্তু কংগ্ৰেছৰ সময়ত এটা নির্দিষ্ট সম্প্রদায়ক তুষ্টিকৰণ কৰিবলৈ এটা শব্দ সৃষ্টি কৰা হৈছিল। সেয়া হৈছে হিন্দু সন্ত্রাসবাদী। দৰাচলতে হিন্দু আৰু সন্ত্রাসবাদী- এই দুয়োটা শব্দই বিপৰীত। হিন্দুৱে কেতিয়াও সন্ত্রাসক বিশ্বাস নকৰে আৰু হিন্দু কেতিয়াও সন্ত্রাসবাদী হ’বই নোৱাৰে। আমাৰ বাবে সন্তুষ্টিৰ বিষয় এই যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সংসদত যি কথা কৈছিল সেয়া মুম্বাইৰ আদালতেও মালেগাঁও বিস্ফোৰণৰ ৰায়দান সন্দৰ্ভত হিন্দু সন্ত্রাসবাদীৰ যি কনচেপ্ট আছিল সেয়া নস্যাৎ কৰে। তদুপৰি হিন্দু সন্ত্রাসবাদৰ নামত যাক দোষী সাব্যস্ত কৰা হৈছিল, তেওঁলোকক প্ৰমাণৰ অভাৱত ৰেহাই কৰি দিয়া হ’ল। হিন্দু সন্ত্রাসবাদী শব্দ প্ৰত্যাহাৰৰ বিজেপিৰ যি এক দীঘলীয়া দাবী আছিল এই ৰায়দানত আজি স্পষ্ট হ’ল যে হিন্দু সন্ত্রাসবাদীৰ কনচেপ্ট আগতেও নাছিল আৰু এতিয়াও নাথাকিব। আনহাতে, মুখ্যমন্ত্রীয়ে বনাঞ্চলৰ বেদখলৰ উচ্ছেদ প্রসংগত কয় যে ১ লাখ ২৯ হাজাৰ বিঘা মাটি ইতিমধ্যে বেদখলমুক্ত কৰা হৈছিল। উৰিয়ামঘাটৰ সফল উচ্ছেদৰ পাছত এই সংখ্যা ১ লাখ ৩৯ বিঘালৈ বৃদ্ধি পালে। অর্থাৎ ১০ হাজাৰ বিঘা মাটি উৰিয়ামঘাটত বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে। এইক্ষেত্রত মই নাগালেণ্ডৰ মুখ্যমন্ত্রীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনহাতে, মিঞালেণ্ডৰ প্ৰসংগত তেওঁ কটাক্ষ কৰি কয়- মিঞালেণ্ড হ’ব পাৰে, মিঞালেও হোৱাত কোনো আপত্তি নাই। কিন্তু এই মিঞালেণ্ড আমি বাংলাদেশত পাতিম। প্রয়োজনত আমি সহায়ো কৰিম। কিয়নো, বাংলাদেশত বহু মাটি আছে। যদি বাংলাদেশত কষ্ট হয়, তেন্তে আফগানিস্তানত বনাই দিয়া হ’ব।