এতিয়া সময় দুঃসময় – কিশোৰ তালুকদাৰ

Pc istock

এতিয়া সময় দুঃসময়

কিশোৰ তালুকদাৰ
ভৱানীপুৰ,বজালী

এতিয়া সময় দুঃসময়
কথা ক’বলৈ লাগে ভয়
হৃদয়ৰ কথাবোৰ সাঁচি ৰাখিছো।
অসত্যৰ বজাৰত হৃদয়ৰ কথাবোৰ মূল্যহীন।
এতিয়া মাজনিশা সাৰ পাই
কেতেকীৰ হিয়াভঙা গান শুনিবলৈ নাপাওঁ।
অস্পষ্ট বিচাৰালয়ত
বিচাৰ চলে নিতে
একেই বিচাৰ পতি
সন্মুখত একে জনতা
পৰিবৰ্তন নাই।
ৰাতিৰ আন্ধাৰত
চোৰেই কৰিছে চোৰৰ বিচাৰ।
তাকে চাই বাঃ বাঃ জনাইছোঁ
এতিয়া সময় দুঃসময়।
বুকুত গুমৰি উঠা কথাবোৰ
স্থবিৰ হৈ পৰিছে।
প্ৰতিবাদী সত্বাক লেকাম লগাইছোঁ।
ধুমুহা বজ্ৰৰ দৰে কণ্ঠ
আজি শান্ত সমাহিত
এতিয়া সময় দুঃসময়।
কোনে কি ৰূপত
অভিনয়ৰ আখৰাত
আছে মগন হৈ
ধৰিবকে নোৱাৰি।