ডিব্ৰুগড়ত ধনেখনা সাংস্কৃতিক গোষ্ঠীৰ নাট কৰ্মশালা সম্পন্ন

ডিব্ৰুগড়ত ধনেখনা সাংস্কৃতিক গোষ্ঠীৰ নাট কৰ্মশালা সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ ধনেখনা সাংস্কৃতিক গোষ্ঠীয়ে “ধনেখনা নাট উৎসৱ”ৰ সমান্তৰালকৈ বছৰি নাট্যাভিনয়ৰ যোগেদি ছাত্ৰ- ছাত্ৰীৰ দৈহিক, মানসিক আৰু সামাজিক উত্তোৰণ আৰু ন- প্ৰতিভাৰ সন্ধানেৰে বৃহত্তৰ মৰাণ-খোৱাং অঞ্চলত কৰ্মশালাৰ আয়োজন কৰি আহিছে। এইবাৰ ধনেখনা সাংস্কৃতিক গোষ্ঠীয়ে খোৱাং নাজিৰাপৰীয়া, চাংমাই, চাউলকৰা, বাঁহবাৰী, চাউদাঙকে ধৰি অঞ্চলৰ ৰাইজৰ সহযোগত চাউদাং গাঁৱৰ প্ৰণৱজ্যোতি গগৈ সোঁৱৰণী প্রেক্ষাগৃহত চলিত মাহৰ ৫ জুলাইৰ পৰা অনুষ্ঠিত কৰা  নাট কর্মশালাৰ কালি সামৰণি পৰে । বিশিষ্ট নাট্যকৰ্মী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষণা বিষয়া ড° জিতুৰঞ্জন চেতিয়াই কৰ্মশালাটি উদ্বোধন কৰে। বৃহত্তৰ খোৱাং অঞ্চলৰ ৪৭ গৰাকী প্ৰশিক্ষাৰ্থীয়ে কৰ্মশালাত অংশ গ্ৰহণ কৰে। মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা, পৰিচালক ভৈৰৱ কুমাৰ ফুকন আৰু দিগ্বিজয় বৰুৱা। সহযোগী প্ৰশিক্ষক হিচাপে থাকে কমল লাচিত, সুকন্যা বুঢ়াগোহাঁই আৰু জয়ন্ত চাংমাই। সমন্বয়ক হিচাপে থাকে দীপকমল ফুকন। সন্ধিয়া কৰ্মশালাৰ প্রশিক্ষার্থীসকলে দুখনকৈ নাট পৰিবেশন কৰে। নাট্যানুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী, জাতীয় গৌৰৱ বঁটাপ্ৰাপক মৌজাদাৰ পদ্মধৰ দত্তই। নিম্ন শাখাৰ প্ৰশিক্ষাৰ্থী সকলে পৰিৱেশন কৰে দিগবিজয় বৰুৱাৰ পৰিচালনাত বুঢ়া বুঢ়ী আৰু শিয়াল সাধুৰ নাট্যৰূপ ” শিয়ালৰ বুধিকথা, বুঢ়া-বুঢ়ীৰ বিৰহ বেথা।” উচ্চ শাখাৰ প্ৰশিক্ষাৰ্থীসকলে ভৈৰৱ কুমাৰ ফুকনৰ পৰিচালনাত কৃষণ চন্দৰৰ গল্পৰ আধাৰত উদিত বৰুৱাই ৰচনা কৰা নাট “অন্তিম দান” পৰিৱেশন কৰে। নাট পৰিৱেশনৰ আগে আগে নাট্যকাৰ উদিত বৰুৱাক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। কৰ্মশালাৰ পৰিচালনা সমিতিৰ হৈ সভাপতি জয়ন্ত চাংমাই,জ্যোতিপ্ৰকাশ গগৈ, সম্পাদক ৰতন গগৈ আৰু অবিনাশ গগৈয়ে শেষত সকলো প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰে।