অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান ধৰ্মঘট
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ দীঘলীপুখুৰী পাৰৰ ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টীৰ কাৰ্য্যালয়ৰ চৌহদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত, অসমত খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ সুৰক্ষিত কৰা আৰু আন্ত:ৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবীত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। পৰিষদৰ সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক বিজ্ন বায়ন, মুখ্য উপদেষ্টা ৰানা প্ৰতাপ বৰুৱা, সহ সম্পাদক ক্ৰমে প্ৰণৱ জ্যোতি কলিতা, প্ৰাগ জ্যোতিষ বণিয়া, প্ৰচাৰ সম্পাদক সঞ্জীৱ ৰায় চৌধুৰী,সুৰজিত মৰাণ কেন্দ্ৰীয় মহিলা জাতীয় পৰিষদৰ সভানেত্ৰী বিনিতা কুমাৰীকে আদি কৰি ৰাজ্যৰ প্ৰতি খন জিলা ক্ৰমে নলবাৰী, বৰমা, দৰং, মঙলদৈ, মৰিগাঁও, নগাঁও, ১০, বজালী পাঠশালা, ওদালগুৰি, কামৰূপ গ্ৰাম্য, নগৰ, বকো,ছয়গাঁও, ৰঙিয়া আদি ঠাইৰ সভাপতি, সম্পাদক আৰু বিভিন্ন বিষয়া সকলৰ নেতৃত্বত প্ৰায় ১৪০০ কৰ্মকৰ্তাৰ উপস্থিতিত ধৰ্মঘট সাব্যস্ত কৰে৷