ৰাইজৰ দলৰ সংবাদ মেল

ৰাইজৰ দলৰ সংবাদ মেল
লোকনিৰ্মান বিভাগত হোৱা দুৰ্নীতিৰ কথা প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত মুখ্য কাৰ্যালয়ত সম্পাদক ৰাছেল হুছেইন, যুৱ জাতীয় পৰিষদৰ প্ৰচাৰ বিভাগৰ অংকুমাণ বৰদলৈ মিডিয়া বিভাগৰ দেবাংগ সৌৰভে প্ৰায় ১৫ জন মান সাংবাদিকৰ উপস্থিতিত এখন সংবাদ মেল সম্বোধন কৰে। মুখ্যমন্ত্ৰীৰ অধীনস্থ লোক নিৰ্মাণ বিভাগত সংগঠিত হোৱা দুৰ্নীতি সংবাদ মাধ্যমৰ আগত উন্মোচন কৰে। পূৰ্বে বিহুৰ ঝুমুৰ নৃত্য সংক্ৰান্তত ৮.৮৪ কোটি টকাৰ কেলংকাৰি হয়। যোৱা ৪ বছৰ ধৰি এই কাৰ্য্যালয় এক খিৰতী গাইত পৰিণত হৈছে। শেহতীয়াকৈ তেওঁলোকে সদৰি কৰা দুৰ্নীতি এনে ধৰণৰ – এলুমিনিয়াম সামগ্ৰী ভাৰাৰ নামত ৯৭,৩৮,৫৪৩ লাখ টকা, বেনাৰ পষ্টাৰৰ নামত ২১,৯০,৪২০ লাখ, গ্ৰাছ কাৰ্পেট ভাৰাৰ নামত ৫২,১,৬৮১ লাখ, অস্থায়ী মঞ্চৰ নামত ৭,৭১,৯৪৩ লাখ, অস্থায়ী পায়খানাৰ নামত ৫৭,১৪,৪০৫ লাখ, নলাত সেউজীয়া নেত লগোৱাৰ নামত ৮,৮৫,০০০ লাখ, ৰেড কাৰ্পেটৰ নামত ১৫,৭৩,৭৪০ লাখ টকা কেলেংকাৰি সংঘটিত কৰিছে বুলি তেওঁলোকে তথ্য সহকাৰে দাবী কৰে।