নতুনকৈ কলেজ স্থাপন কৰিলেই অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়া হ’বঃশিক্ষামন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত নতুনকৈ কলেজ স্থাপন কৰিলেই অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। গুৱাহাটীত এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰে মত বিনিময় কৰি অৱসৰপ্ৰাপ্ত শিক্ষকক পুনৰ নিযুক্তি সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে এতিয়া নতুন কলেজ আৰম্ভ কৰিলেই তাত আমি পুৰণি কেইজনমান মানুহ ল’বই লাগিব। যেতিয়াই আমি নতুন কলেজ আৰম্ভ কৰিম তেতিয়াই এই নীতি প্রয়োগ কৰিম। অভিযান্ত্রিক বা যিকোনো কলেজ নতুনকৈ আৰম্ভ কৰিলেই পুৰণি মানুহকেইজনমানক আমি ল’বই লাগিব। উল্লেখ্য যে নতুনকৈ স্থাপন কৰিবলগীয়া আদর্শ মহাবিদ্যালয়ত ৫০ শতাংশ অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি প্রদানক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে চৰকাৰৰ এই নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে। অৱশ্যে চৰকাৰে গ্ৰহণ কৰা নতুন নীতিত অটল আছে। পুনৰ চৰকাৰৰ সিদ্ধান্তত অটল থাকি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়- নতুনকৈ স্থাপন কৰা স্নাতক আদর্শ মহাবিদ্যালয়কেইখনলৈ গৈ তাৰ সমস্যাৱলী অধ্যয়ন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। নতুন মহাবিদ্যালয়কেইখনলৈ গ’লে তেওঁলোকে এটা কথা গম পাব যে অভিজ্ঞ শিক্ষক নথকাৰ বাবে মহাবিদ্যালয়কেইখন সমস্যাৰ সন্মুখীন হৈছে। আমি বি বৰুৱা মহাবিদ্যালয়, আর্য বিদ্যাপীঠ মহাবিদ্যালয় আদিৰ দৰে মহাবিদ্যালয়সমূহত অৱসৰী শিক্ষক নিযুক্তি দিয়াৰ কথা কোৱা নাই। এইবাৰ আমি নতুনকৈ স্থাপন কৰা আদর্শ মহাবিদ্যালয়সমূহতহে এই ব্যৱস্থা লোৱা হৈছে। আদর্শ মহাবিদ্যালয়সমূহত যদি জ্যেষ্ঠ শিক্ষক নাথাকে, তেনেহ’লে নৱনিযুক্ত শিক্ষকসকলে মহাবিদ্যালয়কেইখন আগবঢ়াই নিয়াত অসুবিধাৰ সন্মুখীন হয়। এই অসুবিধাসমূহ আমি যোৱা ৫টা বছৰত দেখিছোঁ। আনহাতে, মহাবিদ্যালয়ত কৰ্মৰত একাংশ অভিজ্ঞ শিক্ষকক আদর্শ মহাবিদ্যালয়ত পুনৰ নিযুক্তিৰ বাবে কিছু দল-সংগঠনে আগবঢ়োৱা পৰামৰ্শ সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়ৰ শিক্ষকৰ বদলিকৰণৰ কোনো ব্যৱস্থাই নাই। বেলেগ মহাবিদ্যালয়ৰ পৰা আমি জ্যেষ্ঠ শিক্ষক নিব নোৱাৰোঁ। সেয়েহে জ্যেষ্ঠ শিক্ষক আমি অৱসৰী শিক্ষকৰ পৰাই পাম। মই ভাবোঁ যে এয়া এক খুব ভাল সিদ্ধান্ত। নতুন মহাবিদ্যালয়কেইখন কম সময়ৰ ভিতৰতে ঠন ধৰি উঠিব। নতুন পদ সৃষ্টি নকৰাকৈ মহাবিদ্যালয়কেইখন আগবাঢ়িব নোৱাৰে। কিন্তু মহাবিদ্যালয়কেইখনৰ বাবে নেতৃত্ব ডাঙৰ কথা। তেওঁলোকে নতুন শিক্ষা নীতি, ক্রেডিট ব্যৱস্থা, বিশ্ববিদ্যালয়সমূহৰ কাৰ্যসূচী, বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মাৱলীসমূহ বুজি পাব লাগিব। নতুন শিক্ষকসকলে এইক্ষেত্রত নোৱাৰিব। সেইকাৰণে দুজনমান অভিজ্ঞ শিক্ষক বা জ্যেষ্ঠ শিক্ষকৰ প্ৰয়োজন হ’ব। সেই শিক্ষকৰ প্ৰয়োজন আমি পূৰণ কৰিব বিচাৰিছোঁ।