জনতা ভৱনত নিযুক্তি পত্র প্রদান শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেণ্ডৰ

জনতা ভৱনত নিযুক্তি পত্র প্রদান শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেণ্ডৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত কাৰিকৰী বর্তমান সময়লৈকে সাতখন অভিযান্ত্রিক মহাবিদ্যালয় আৰু ২৬খন পলিটেকনিকত শিক্ষা বিভাগে মুঠ ১,২১০ গৰাকী প্ৰাৰ্থীক প্রবক্তাৰ লগতে বিভিন্ন পদত নিযুক্তি প্রদান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে জনতা ভৱনত আন এক নিযুক্তিৰ অনুষ্ঠান অনুষ্ঠিত হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৫৯গৰাকী সহকাৰী অধ্যাপক আৰু দুগৰাকী অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যক্ষক আনুষ্ঠানিকভাবে নিযুক্তি প্ৰদান কৰে। নিযুক্তি প্ৰদান কৰা ৫৯গৰাকী অধ্যাপকৰ ৫৪ গৰাকী টেকনিকেল আৰু ৫ গৰাকী নন-টেকনিকেল। উল্লেখ্য যে ৰাজ্য চৰকাৰে স্বচ্ছ আৰু মেধাৰ ভিত্তিত প্রদান কৰি অহা নিযুক্তিত বৰ্তমানলৈ ১,২১,২৪৩গৰাকী প্ৰাৰ্থীক নিযুক্তি প্রদান কৰিছে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে এক লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ বাবে দিয়া প্রতিশ্রুতি অনুসৰিয়েই মেধাৰ ভিত্তিত ৫৯গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি প্রদান কৰা হয়। অনুষ্ঠানত ভাষণ প্রদান কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ৰাজ্যৰ অভিযান্ত্রিক মহাবিদ্যালয়সমূহ কেৱল পাঠ্যপুথিৰ জ্ঞান আহৰণৰ এক কেন্দ্ৰ নহয়, ইয়াক আমি ইন ‘ভেচন এণ্ড ষ্টার্টআপৰ সংমিশ্রণেৰে স্কিল মানৱ সম্পদ তৈয়াৰ কৰাত ব্ৰতী হ’ব লাগিব। ৰাজ্য চৰকাৰে নতুনকৈ নিযুক্তি প্ৰদান কৰা অভিযান্ত্রিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকসকলৰ ওপৰত গধুৰ দায়িত্ব ন্যস্ত কৰিছে। সেয়েহে প্ৰতিগৰাকী প্রার্থীয়ে কাৰিকৰী শিক্ষানুষ্ঠানসমূহৰ মান উন্নত কৰাত আত্মনিয়োগ কৰিব লাগিব। শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্যৰ মডেল স্নাতক মহাবিদ্যালয়সমূহক সামগ্রিকভারে আগুৱাই নিয়াৰ বাবে বিভাগীয় অভিজ্ঞ অৱসৰপ্ৰাপ্ত প্রবক্তাসকলক এই শিক্ষানুষ্ঠানসমূহত নিয়োগ কৰাৰ এক ব্যৱস্থা গ্রহণ কৰিছে। ইয়াৰ মূল লক্ষ্য হৈছে বহু বছৰ অভিজ্ঞতাৰে পৰিপুষ্ট অৱসৰী শিক্ষাগুৰুৰ জ্ঞানৰ অভিজ্ঞতাক শিক্ষানুষ্ঠানসমূহক আগুৱাই লৈ যোৱাত ব্যৱহাৰ কৰা হ’ব। অৱশ্যে এইক্ষেত্রত যিসমূহ শিক্ষকৰ বয়সৰ সীমা ৬৫ বছৰ অতিক্ৰম কৰিছে, সেই শিক্ষকসকলক এই কাৰ্যত জড়িত কৰা নহ’ব। কাৰ্যতঃ নতুন আৰু পুৰণিৰ সমাহাৰেৰে মডেল স্নাতক মহাবিদ্যালয়সমূহক শিক্ষা বিভাগে আগুৱাই লৈ যোৱাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে শিক্ষা ব্যৱস্থাত যিহেতু এতিয়া ইণ্ডাষ্ট্রিয়েল ৰিভিউলুচেন ৫.০ আহি পৰিছে, সেয়েহে শিক্ষানুষ্ঠানসমূহক বহুমুখী শিক্ষাৰে কেন্দ্ৰ কৰি তুলিব লাগিব। এইক্ষেত্ৰত অনাগত দিনসমূহত অভিযান্ত্রিক মহাবিদ্যালয়সমূহত আৰু বিজ্ঞান শাখাৰ স্নাতক কলেজসমূহত কাৰিকৰী শিক্ষাৰ ডিপ্ল’মা ক’ৰ্ছৰ প্ৰৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই নিযুক্তি পত্র প্রদান অনুষ্ঠানত শিক্ষা বিভাগৰ সচিব, কাৰিকৰী শিক্ষা সঞ্চালক ধ্ৰুৱজ্যোতি বৰাও উপস্থিত থাকে।