উচ্ছেদ চলি থাকিব, আমি থমকি নৰওঁঃ মুখ্যমন্ত্ৰী

উচ্ছেদ চলি থাকিব, আমি থমকি নৰওঁঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  অবৈধ দখলৰ পৰা ৰাজ্যৰ বনাঞ্চল আৰু চৰকাৰী ভূমি উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা কঠোৰ স্থিতিক লৈ সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা- উচ্ছেদ চলি থাকিব, আমি থমকি নৰওঁ। হিমালয়কো ভেদ কৰি আমি আগুৱাই যাম। ক’ৰবাত হতাশ হৈ যোৱা, পৰাজিত অনুভৱ কৰা জাতিটোৰ মাজত সাহসৰ বীজ আমি সিঁচিবলৈ সক্ষম হৈছোঁ। বিদেশী বহিষ্কাৰো হৈ আছে, মাটি উদ্ধাৰো চলি আছে। য’ত অসমীয়া থিয় হ’ব পৰা নাছিল, প্রতিখন জিলাতে আমাৰ খিলঞ্জীয়া লোকে নিজৰ অধিকাৰ ঘূৰাই পাইছে। ভূমি বেদখলৰ ১০০ বছৰীয়া ইতিহাস এদিনতে সলনি নহয়। উল্লেখ্য যে গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ চতুৰ্থ বৰ্ষপূর্তি উপলক্ষে ছিপাঝাৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়াৰ ভূমি উদ্ধাৰক লৈ ৰাজ্য চৰকাৰে কোনোধৰণৰ আপোচ নকৰে বুলিও স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাৰ ঘোষণা- এই উচ্ছেদৰ জৰিয়তে এক লাখ ২৯ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছোঁ। ৰাজ্য চৰকাৰে আৰম্ভ কৰা ভূমিৰ বেদখল মুক্তকৰণ থমকি নয়, চৰকাৰে নিজ লক্ষ্য সাধনৰ দিশত আগবাঢ়ি গৈ থাকিব। অসমীয়া জাতি কেতিয়াও পৰাজিত হ’ব নোৱাৰে। সাহসী আৰু অপৰাজেয় অসমীয়া জাতিয়ে কেতিয়াও বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতেও নকৰে। অসমীয়া জাতি যে অজেয় সেয়া বীৰ লাচিত বৰফুকনে আমাক দেখুৱাই গৈছে, কামৰূপৰ বীৰ নৃপতি পৃথুৱে অসমীয়া জাতি কিমান দুর্দান্ত তাৰ নিদৰ্শন দাঙি ধৰি গৈছে আৰু অসম আন্দোলনৰ শ্বহীদসকলে নিদর্শন দাঙি ধৰিছিল অসমীয়া জাতি কিমান সাহসী। মন কৰিবলগীয়া যে গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ চতুৰ্থ বৰ্ষপূর্তি উপলক্ষে উপস্থিত হোৱা মুখ্যমন্ত্রী ড° শৰ্মাই লোকনির্মাণ বিভাগে এই প্রকল্পটোৰ মাজেৰে নিৰ্মাণ কৰা দলং এখনো উদ্বোধন কৰে। এই উপলক্ষে প্রদান কৰা ভাষণত ড° শর্মাই মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে ২০২১ চনৰ ৭ জুনত গৰুখুঁটি অঞ্চল পৰিদৰ্শন কৰাৰ কথা স্মৰণ কৰি কয় যে এই পৰিদৰ্শনৰ পাছতে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অঞ্চলটোত বেদখলকাৰীক উচ্ছেদৰ লগতে এটা বহুমুখী কৃষি প্রকল্প আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ১৯৮৩ চনত গৰুখুঁটি বেদখলমুক্তকৰণৰ এক প্রচেষ্টাত দৰং-ছিপাঝাৰ অঞ্চলত ২৩জনকৈ যুৱকৰ হোৱা প্ৰাণহানিৰ কথা উল্লেখ কৰি তেওঁ কয় যে অঞ্চলবাসীয়ে এক দীঘলীয়া সময়জুৰি গৰুখুঁটি অঞ্চলটো বেদখলমুক্ত হোৱাৰ সপোন কঢ়িয়াই ফুৰিছিল। বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কার্যকালত গৰুখুঁটি অঞ্চলটো সফলভাবে বেদখলমুক্ত হোৱা কাৰ্যই চৰকাৰক এক সাহস প্রদান কৰিছিল আৰু ফলত ৰাজ্যৰ বিভিন্ন স্থানত এই ধৰণে বেদখলীকৃত ভূমি মুক্ত কৰাৰ অৰ্থে সাহসী পদক্ষেপ ল’বলৈ সক্ষম হৈছিল। গৰুখুঁটিব পাছত বৰছলা, লামডিং, বুঢ়াপাহাৰ, পভা, বটদ্ৰৱা, চাপৰ, পাইকান আদি অঞ্চলত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনেধৰণৰ উচ্ছেদ অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰে ১ লাখ ২৯ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সমৰ্থ হৈছে আৰু এই ভূমি বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছে। ওৰাঙৰ বেদখলমুক্ত ভূমিলৈ এশিঙীয়া গঁড়, বাঘ, লামডিঙৰ বনাঞ্চললৈ বন্যহস্তী আদি উভতি আহিছে। তেনেদৰে বৰছলাত সৌৰশক্তি প্রকল্প নিৰ্মাণ কৰি থকা হৈছে। বুঢ়াপাহাৰ অঞ্চলত কৰা উচ্ছেদে হাতী আৰু বাঘৰ বাবে নতুন বিচৰণস্থলী সৃষ্টি কৰিছে। এসময়ত শাল আৰু চেগুন গছেৰে পূৰ্ণ হৈ থকা পাইকান অঞ্চলো বেদখলমুক্ত হোৱাৰ পাছত আকৌ এবাৰ গছ- বনেৰে ভৰি পৰিবলৈ আৰম্ভ কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰ’ম, কাৰোবাৰ ৰঙা চকু আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰনত কৰিম, তেতিয়া তেওঁলোকক আজি এই ধলপুৰ শিৱমন্দিৰ-গৰুখুঁটি প্রকল্প ভূমিৰ পৰাই মই ক’ব বিচাৰিছোঁ অসম আন্দোলনৰ ৯০০ গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোহোৱালৈকে আমি শান্ত নহওঁ। আমি আমাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আমি আমাৰ কাম কৰি যাম আৰু লক্ষ্যত উপনীত হ’ম। আনহাতে, গৰুখুঁটি প্রকল্পক লৈ কংগ্ৰেছে কৰা বিতৰ্ক সন্দৰ্ভত তেওঁ কয়- গৰুখুঁটি যাতে বিতর্কিত হয়, অসমীয়া মানুহখিনি ইয়াৰ পৰা যাতে আঁতৰি যায় আৰু পুনৰ বাংলাদেশীসকল আহি স্থান লয়, সেয়াই কংগ্ৰেছৰ উদ্দেশ্য। ইয়াত বিতর্ক এটাই যে কংগ্রেছক ভোট দিয়া মানুহখিনিক আমি আঁতৰাই পঠাইছোঁ। তাৰ বাদে ইয়াত বিতর্ক হ’ব লগা কি আছে? ছিপাঝাৰক আজি আমি খিলঞ্জীয়া সমষ্টি ৰূপে স্থাপন কৰিলোঁ। আমি সংকল্প লৈছোঁ প্রতিটুকুৰা অসমৰ ভূমি বাংলাদেশীৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আত্মনিৰ্ভৰশীল অসম নিৰ্মাণ কৰিম। আজি অসমত ২৯ লাখ বিঘা মাটি অবৈধ দখলকাৰী, সন্দেহযুক্ত বাংলাদেশীয়ে দখল কৰি ৰাখিছে। আমাৰ লক্ষ্য এতিয়া বহু দূৰত। আমি মাত্র অকণমান মাটিহে উদ্ধাৰ কৰিব পাৰিছোঁ। কিন্তু মই নিশ্চিতভাবে ক’ব পাৰোঁ অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল, সেই জাতি-জীৱনলৈ আমি নতুন প্রাণ-নতুন জীৱন আনিবলৈ সক্ষম হৈছোঁ। এটা সময় আছিল শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ-আজানৰ কথা ক’বলৈ ল’লোঁ। শংকৰ-আজানৰ নহয়, অসম শংকৰ-মাধৱৰ দেশ। আজানপীৰ নিজৰ জেগাত থাকিব আৰু শংকৰ-মাধৱ নিজৰ স্থানত থাকিব। তেতিয়াহে আমাৰ জাতিটোক আমি জীয়াই ৰাখিব পাৰিম। ইফালে, গৰুখুঁটি প্রকল্প সন্দর্ভত ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়- গৰখুঁটি বহুমুখী কৃষি প্রকল্পই অসমৰ যুৱক-যুৱতীৰ আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিছে। বিগত চাৰিটা বছৰত গৰখুঁটিৰ জৰিয়তে আৰম্ভ কৰা যাত্রাক এক সংকল্প হিচাপে গ্রহণ কৰি অসমৰ প্রতিবিন্দু মাটি বেদখলৰ পৰা মুক্ত কৰিবলৈ আমি নিজকে সমর্পণ কৰিছোঁ। আমাৰ লক্ষ্য এতিয়াও বহু দূৰৈত। অসমৰ জাতীয় জীৱনলৈ আমি নতুন প্রাণ ওভতাই আনিছোঁ। বেদখলকাৰীৰ কবলৰ পৰা প্ৰতিটুকুৰা ভূমি আমি মুক্ত কৰিম আৰু স্বাভিমানেৰে পৰিপূৰ্ণ এখন অসম নিৰ্মাণ কৰিম। আনহাতে, গৰুখুঁটি প্রকল্পৰ জৰিয়তে অসমীয়া যুৱক-যুৱতীয়েও যে কৃষিকৰ্ম সুকলমে কৰিব পাৰে তাৰ নিদৰ্শন আমি দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। এই ভূমিৰ পৰা আমি প্ৰমাণ কৰিব বিচাৰিছোঁ যে বীৰ লাচিত-চিলাৰায়ৰ তেজ আমাৰ দেহত এতিয়াও প্ৰবাহিত। মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদ্যাপন, মহাৰাজ পৃথুৰ বীৰত্বৰ কাহিনীৰ পুনৰ চৰ্চা, বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে চৰাইদেউ মৈদামে লাভ কৰা স্বীকৃতি, অসমীয়া ভাষালৈ ধ্রুপদী ভাষাৰ মৰ্যাদা আদিবোৰক সম্বল হিচাপে লৈ আগন্তুক সময়ত অসমীয়া জাতি দৃঢ়তাৰে আগবাঢ়ি যাব। অসমীয়া জাতি আজি নতুন প্রাণেৰে উদ্দীপ্ত। গৰুকখুঁটি প্রকল্প অসমীয়াৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক বুলি উল্লেখ কৰি প্ৰসংগক্রমে মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই প্রকল্পটোরে চতুর্থবর্ষত প্রায় ৫.০৫ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হৈছে আৰু প্ৰকল্পটোৰ বেংক একাউণ্টত প্রায় ৭.৬৪ কোটি টকা জমা আছে। প্রকল্পটোৱে গৰু, গাহৰি পালন, হস্ততাঁত শিল্প আদিৰে স্বাৱলম্বিতাৰে এক নতুন আধাৰ নিৰ্মাণ কৰিছে বুলিও তেওঁ কয়। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰি কয় যে এই প্রকল্পটো অদূৰ ভৱিষ্যতে অসমীয়া জাতীয় জীৱনৰ এক প্রকল্পত পৰিণত হ’ব। ৰাজ্যৰ যুৱক-যুৱতীসকলে যাতে আধুনিক জৈৱ কৃষি পদ্ধতি আদিৰ জ্ঞান আহৰণ কৰিব পাৰে সেই উদ্দেশ্যে গৰুখুঁটিত এখন কৃষি বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ চিন্তা-চৰ্চা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে গৰুখুঁটি প্রকল্পৰ অধীনত থকা ৫৩৩ বিঘা ভূমিত মীন বিভাগে প্রধানমন্ত্রী মৎস্য সম্পদা যোজনাৰ অধীনত ‘ইন্টিগ্রেটেড একুৱা পার্ক’ৰ আঁচনি হাতত লৈছে। প্রকল্পটোৰ সৈতে জড়িত কৃষি সৈনিকসকলৰ পাৰিতোষিক বৰ্তমানৰ তুলনাত ২,০০০ টকা বৃদ্ধি কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই অনুষ্ঠানত ঘোষণা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে গৰুখুঁটি বাসুদেৱ নামঘৰত সেৱা-প্রার্থনা জনাই ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰে। তেওঁ প্রকল্প প্রাংগণত গছপুলি ৰোপণ আৰু কৃষিভূমিত ৰঙালাউৰ বীজ সিঁচা কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানৰ অন্তত গৰুখুঁটি বহুমুখী কৃষি প্রকল্পত কৰ্মৰত কৃষি সৈনিকসকলক যাতায়াতৰ সুবিধাৰ বাবে একোখনকৈ চাইকেল প্রদান কৰে। আনহাতে, আজিৰ এই অনুষ্ঠানতেই তেওঁ গৰুখুঁটি কৃষি প্রকল্পত কৰ্মৰত অৱস্থাত ট্ৰেক্টৰ দুৰ্ঘটনাত মৃত্যু হোৱা পৱিত্ৰ ভৰালীৰ পৰিয়ালক পাঁচ লাখ টকাৰ এককালীন সাহায্য প্রদান কৰে। আজিৰ এই অনুষ্ঠানত বিধায়ক তথা গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, বিধায়ক ড° পৰমানন্দ ৰাজবংশী, বসন্ত দাস, প্রাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, সমাজকর্মী মুকুন্দ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।