পলাশবাৰীৰ বৰদুৱাৰ বাগানত চোৰাং কাঠ জব্দ

পলাশবাৰীৰ বৰদুৱাৰ বাগানত চোৰাং কাঠ জব্দ

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া নয়ন জ্যোতি দাসৰ নেতৃত্বত এটা সজাতি দলে এক বিশেষ সুত্ৰৰ পম খেদি যোৱা দেওবাৰে পুৱতি নিশা প্ৰায় ৪-৩০ মান বজাত পলাশবাৰীৰ বৰদুৱাৰ বাগানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ পাছত নম্বৰ প্লেট বিহীন ৭০৯ গাড়ী সহ জব্দ কৰা কাঠখিনি লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়লৈ অনা হয়,কিন্তু চালক জন পলায়ন কৰিবলৈ সক্ষম হয় ৷ কাঠ খিনিৰ মুল্য প্ৰায় ৫ লক্ষ্যধিক টকাৰ বুলি অনুমান কৰা হৈছে ৷ ইতিমধ্যে এই অঞ্চলত চোৰাং কাঠ সৰবৰাহকে ধৰি গৰু সৰবৰাহ বিভিন্ন বন্যপ্ৰাণী সৰবৰাহ তথা বহু মুল্যবান গছ কাটি বনদস্যুবোৰে এক অৰাজকতাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে যদিও লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়া নয়ন জ্যোতি দাসৰ নেৰানেপেৰা বনদস্যু তথা বন ধ্বংস কাৰ্যকলাপৰ বিৰুদ্ধে চলা অভিযানৰ ফলত পৰিস্থিতি কিছুপৰিমাণে সামান্য পৰিৱেশ বিৰাজ কৰাৰ উপক্ৰম দেখা পোৱা গৈছে ৷ উল্লেখযোগ্য যে ভোলাগাঁওৰ মইনুল আলী আৰু গোৰে নামৰ এই দুই বনমাফিয়াই এই অঞ্চলত দীৰ্ঘদিনধৰি বন ধ্বংস কাৰ্যকলাপ তথা চোৰাং কাঠ সৰবৰাহৰ লগত জড়িত হোৱাৰ অভিযোগ উথাপন হৈ আহিছে ৷ পৰৱৰ্তী সময়ত এই বনদস্যুবোৰক গুৰিৰ পৰা উভালি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসন তথা বনবিভাগক দাবী জনাই সচেতন মহলে ৷