ডিব্ৰুগড়ত শিলপনীয়া বংশৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ শিলপনীয়া বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বংশটোৰ বহুকেইগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক যোৱা ২০ জুলাইত অভিনন্দন জ্ঞাপন কৰা হয়৷ ডিব্ৰুগড় জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰেক্ষাগৃহত ২০২৫ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিলপনীয়া বংশৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত প্ৰথম বাৰ্ষিক বিশেষ অভিনন্দন অনুষ্ঠানটোত পৌৰোহিত্য কৰে শিলপনীয়া বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইন্দ্ৰজিৎ শিলপনীয়াই৷ সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে গৰুধৰীয়াৰ গাঁওবুঢ়া চন্দ্ৰকান্ত শিলপনীয়াই৷ শিক্ষক তথা সমাজসেৱক খুবেন পাত্ৰই উদ্বোধন কৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে শিলপনীয়া বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি গগৈয়ে৷ মুখ্য অতিথিৰ ভাষণত ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বীৰেন বৰুৱাই গীতাৰ বাণীৰে আৰম্ভ কৰা ভাষণত কয়– “গীতাত কৈছে জ্ঞানৰ সমান পৱিত্ৰ একো নাই৷ গীতাৰ জৰিয়তে জীৱনৰ মাৰ্গদৰ্শন কৰিব পাৰি৷ মানুহৰ ব্যক্তিত্ব কেনেকৈ গঢ়িব পাৰি গীতাত সুন্দৰকৈ উল্লেখ আছে৷ মানুহ বিশেষে গীতাখন বিভিন্ন দৃষ্টিৰে চোৱা দেখা যায় যদিও ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান অৰ্জনৰ বাবে গীতাখন পঢ়া উচিত”৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা ফুকনবাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুল পাত্ৰ, সাবৰ্জনীন মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক খুবেন পাত্ৰ, যুৱ উদ্যোগী তথা লেখক প্ৰাঞ্জল পাত্ৰ আৰু শিক্ষক ৰঞ্জন গগৈয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত কল্পনা শিলপনীয়া, অমিয়া শিলপনীয়া আৰু নিৰলা শিলপনীয়াৰ কণ্ঠত সমবেত সংগীত আৰু উৰ্মি গগৈৰ কণ্ঠত আধুনিক গীত পৰিৱেশন কৰা হয়৷ কবিতা আবৃত্তি কৰে ক্ৰমে– অবিহোত্ৰী বৰুৱা শিলপনীয়া, কংকনা বৰুৱা শিলপনীয়া আৰু মায়া পঞ্চী ৰাজা বৰুৱাই৷ শিৱলী শিলপনীয়াৰ আধুনিক নৃত্যয়ো দৰ্শকক মুগ্ধ কৰে৷ অনুষ্ঠানত শিক্ষক ৰুদ্ৰজিৎ শিলপনীয়া, শিলপনীয়া বংশাৱলী সমিতিৰ বিষয়ববীয়া জীৱন শিলপনীয়া, মাণিক শিলপনীয়া, দিপুল শিলপনীয়া, গোৱৰ্ধন শিলপনীয়া, লক্ষীধৰ শিলপনীয়া, ৰূপজ্যোতি গগৈ, কৃষ্ণ শিলপনীয়া, চিৰঞ্জীৱ শিলপনীয়া আদিকে ধৰি শতাধিক লোক উপস্থিত আছিল৷