শাওণৰ শেষত – ৰশ্মিৰেখা সাউদ কলিতা

শাওণৰ শেষত

ৰশ্মিৰেখা সাউদ কলিতা, ডিব্ৰুগড় 


এৰালৰ খুটি বিচাৰি
পথাৰৰ সৰু সৰু আলিত কণ কণ ছোৱালী
উৰে বেলুন উৰাদি
মনৰো যে কি উচ-পিচ!
সিহঁতক চাই চাই আকাশৰো মৰে চকুৰ জুৰণি ।
ছোৱালীবোৰৰ কথাত অৰ্থ থাকে
ওঁঠত শংখ
চকুত সাগৰ
হাতত ৰামধেনু।
পথাৰখনে টলকা মাৰি গম লয়
ছোৱালীবোৰৰ গুণা-গঁঠা।


যি বিচাৰি বিচাৰি মানুহে
সেউজীয়া হেৰুৱায়
যেন এপথাৰ শইচ
মজামৰা পোকৰ ঢৌত জাহ যায় ।
শাওণৰ বতৰত হাতৰপৰা পিছলি পৰা শামুকে
আহিনৰ গাভিনী পথাৰবোৰ খায়।