কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি নতুনকৈ স্থাপন হোৱা এই প্রতিষ্ঠানখনৰ কাম-কাজ আৰু আন্তঃগাঁথনিসমূহৰ বিষয়ে বুজ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।মুখ্যমন্ত্রী ড° শৰ্মাই কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহিঃবিভাগ, আই চি ইউ, ব্লাড বেংক, অর্থ’পেডিক অ’পিডি, চেন্ট্রেল ক্লিনিকেল লেবৰেটৰী, চিটিস্কেন ইউনিট, এম আৰ ডি আৰু পেয়িং কেবিন আদি হস্ততাঁত, বস্ত্রশিল্প আৰু ৰেচম আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ সৈতে গৈ পর্যবেক্ষণ কৰে। প্ৰতিষ্ঠানখনৰ বাস্তৱিক সমস্যাৰাজি সম্পৰ্কে অৱগত হোৱাৰ উদ্দেশ্যে তেওঁ চিকিৎসক, নাৰ্ছ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু অঞ্চলটোত স্বাস্থ্যসেৱা অধিক উন্নত কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰা হ’ব বুলি আশ্বাস প্রদান কৰে। উল্লেখ্য যে বড়োলেও প্রাদেশীয় পৰিষদৰ মুখ্য কাৰ্যালয় থকা কোকৰাঝাৰৰ এই চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনে অঞ্চলটোৰ জনসাধাৰণলৈ সহজলভ্য আৰু গুণগত মানসম্পন্ন স্বাস্থ্যসেৱা প্রদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে। ইফালে, পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কর্তৃপক্ষৰ সৈতে এক পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্রতিষ্ঠানখনত চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মী আদিৰ উপলব্ধতা, ছাত্ৰ-ছাত্ৰীৰ হোষ্টেলৰ সুবিধা, অধ্যাপক আৰু স্বাস্থ্যকর্মীসকলৰ আৱাস আদি বিষয়ত বিস্তৃত আলোচনা হয়। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ছাত্ৰাৱাস, ছাত্রীনিবাস, চিকিৎসক-নাৰ্ছৰ আৱাস আদিৰ অভাৱ পূৰণৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱা হ’ব বুলি মুখ্যমন্ত্রী ড° শর্মাই আশ্বাস দিয়ে। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত উন্নত স্বাস্থ্যসেৱা প্ৰদানৰ বাবে বৰ্তমান চৰকাৰ নিৰন্তৰ কৰ্মত ব্ৰতী হৈ আছে বুলি তেওঁ কয়। বৈঠকত হস্ততাঁত, বস্ত্রশিল্প আৰু ৰেচম আদি বিভাগৰ মন্ত্ৰী উত্থাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়ক লৰেন্স ইছলাৰী, বড়োলেও প্রাদেশীয় পৰিষদৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’, সজল সিং, কোকৰাঝাৰৰ জিলা আয়ুক্ত মাচান্দা এম পার্টিন, জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ড° অতুল বড়ো প্রমুখ্যে আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।