প্ৰিয় সাহিত্যিক হোমেন বৰগোহাঞি
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
প্ৰিয় সাহিত্যিক জনৰ বিষয়ে অকণমান লিখিবলৈ প্ৰয়াস কৰিছোঁ ।
মোৰেই নহয় সকলোৰে প্ৰিয় সাহিত্যিক হোমেন বৰগোহাঞি ছাৰ ।তেওঁৰ লিখনিত এক সুকীয়া আমেজ হৃদয়ৰ অনুভৱ কৰো । তেওঁ ১৯৩২চনৰ ৭ডিচেম্বৰত জন্ম লাভ কৰিছিল। তেওঁৰ অসমীয়া সমাজত সাহিত্য জগতত অলেখ অৰিহণা আগবঢ়াই থৈ গৈছে ।একেধাৰে গল্পকাৰ,উপন্যাসিক , প্ৰবন্ধ কাৰ ,সাংবাদিক , দুবাৰকৈ সাহিত্য সভাৰ সভাপতি আসন শুৱনি কৰিছিল। অসম উপত্যকা সাহিত্য বঁটা ,অসম সাহিত্য একাডেমি বঁটা ইত্যাদি অলেখ বঁটাৰে সন্মানীত হৈছিল।
বিশ্বাস- সংশয়ৰ আলি দোমোজাত কঠিনতকৈ কঠিন সময়ৰ মুখামুখি হৈছিল ,তথাপিও অনন্ত আকাশৰ বিশালতাৰ প্ৰতি আছিল অপৰিসীম গভীৰ আস্থা। যাৰ ফলস্বৰূপে এখন পিছত আন এখন উৎকৃষ্ট উপন্যাস, অসমীয়া সামাজিক জীৱন পটভূমিত ৰচনা কৰি উলিয়াইছে।
২০২১ চনৰ ১২ মেৰ ৮৮ বছৰ বয়সত মৃত্যু হয়। মৃত্যুৰ আগলৈকে নিজকে ডেকা বুলিয়ে কৈছিল, বয়সে ক্ৰীয়া কৰিলেও মনত অপৰিসীম শক্তি আছিল,যাৰ ফলত তেওঁৰ কলম অৱধাৰিত ভাবে চলাই থাকিব পাৰিছিল। সৰুৰে পৰা তেও আছিল অধ্যয়ন পিপাসু মনৰ, যাৰ কাৰণে সাহিত্য ক্ষেত্ৰত তেওঁৰ স্থান উল্লেখযোগ্য ।
তেওঁৰ সকলো লিখনি মোৰ প্ৰিয় যদিও ,”হালধীয়া চৰাই বাউধান খাই”,”পিতাপুত্ৰ “,উপন্যাস দুখন হৃদয়ত এক বিশেষ ঝংকাৰ সৃষ্টি কৰিছে। দুয়োখন উপন্যাসত সমাজৰ পৰিস্থিতি একোখন ঘৰৰ ছবি খুব সুন্দৰ ভাৱে উপস্থাপন কৰিছে।তেওঁৰ প্ৰতিটো লিখনিত অনুভৱ কৰিব পাৰো,এজন স্পষ্টবাদী লিখক আছিল। সুক্ষ্ম অনুভূতি সম্পন্ন ব্যক্তি , তেখেতৰ ছত্ৰছায়াত বহুতো ন ন লেখকে সাহিত্য জগতত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ।জীৱনৰ অন্তিম মুহূৰ্তলৈকে ,সাহিত্য জগতত সেৱা আগবঢ়াই যোৱা ব্যক্তি হিচাপে সাহিত্য পথাৰ খনত জিলিকি থাকিব ছাৰ। তেওঁৰ বিষয় লিখি থাকিলেও শেষ নহ’ব ,কলমটোৰ কাপেৰে নিগৰি থাকিব যেন লাগে।