চীনৰ পৰা চেংডু জে-১০ চি যুদ্ধবিমান ক্ৰয় কৰিব ইৰানে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ সৈতে ছুখয়-৩৫ৰ চুক্তি স্থগিত হোৱাৰ পিছত চীনৰ পৰা অত্যাধুনিক যুদ্ধবিমান ক্ৰয়ৰ সিদ্ধান্ত গ্রহণ কৰিছে ইৰানে। চীনৰ চেংডু জে-১০ চি যুদ্ধবিমান ক্রয় কৰাৰ বাবে তেহৰানে বেইজিঙৰ সৈতে আলোচনাত মিলিত হৈছে। দুয়োখন দেশৰ মাজত চীনৰ বহুমুখী যুদ্ধবিমানখন ক্ৰয় কৰাৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰিত হোৱাৰ দিশেও আগবাঢ়িছে। ইৰানৰ বাতৰিকাকত খৰাচানত প্রকাশ কৰা মতে, তেহৰানে দেশৰ সেনাক আধুনিকীকৰণ আৰু বায়ুসেনাৰ পুৰণি হোৱা বিমান আৰু যুদ্ধবিমান আঁতৰাই নতুন অত্যাধুনিক যুদ্ধবিমান হিচাপে চীনৰ চেংডু জে-১০ চি বিমানখন ক্ৰয় কৰিব। দেশখনৰ প্ৰতি ভাবুকি আহি পৰাৰ পৰিপ্ৰেক্ষিততে ইৰানে তীব্ৰগতিসম্পন্ন যুদ্ধৰ বাবে অতি দক্ষ বিমান ক্ৰয়ৰ বাবে প্রয়োজনীয়তা আহি পৰিছে। উল্লেখ্য যে ৰাছিয়াই চুক্তি অনুসৰি ইৰানক বিমান যোগান ধৰাত বিলম্ব কৰাৰ বাবে চুক্তি স্থগিত ৰখা হৈছে।
