ওড়িশাৰ পুৰীত ৰথযাত্ৰাৰ সময়ত পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ওড়িশাৰ পুৰীত জগন্নাথ ৰথযাত্ৰাৰ সময়ত অঘটন। ৰথযাত্ৰাৰ সময়ত অত্যধিক ভিৰৰ বাবে পদপিষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয়। এই ঘটনাত ৫০জনকৈ লোক আহত হয়। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি পদপিষ্টৰ ঘটনাত দুগৰাকী মহিলাসহ তিনিজনে প্রাণ হেৰুৱায়। উল্লেখনীয় যে গুণ্ডিচা মন্দিৰৰ সমীপত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। লক্ষণীয়ভাৱে এই ঘটনা সংঘটিত হোৱাৰ পিছতে চৰকাৰৰ ব্যৱস্থাক লৈ বিভিন্ন মহলে অভিযোগ আনিছে। ভিআইপি আৰু ভিভিআইপিসকলক ৰথযাত্ৰাৰ সময়ত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে সাধাৰণ মানুহৰ নিৰাপত্তাৰ বিষয়টোত গুৰুত্ব দিয়া নাছিল বুলি অভিযোগ কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী নবীন পাটনায়ক তথা বিৰোধী কংগ্ৰেছ দলে। এই ঘটনাৰ পিছতে নবীন পাটনায়কে উল্লেখ কৰে যে ৰথযাত্ৰাক কেন্দ্ৰ কৰি দ্বিতীয়বাৰ পুৰীত এনে মর্মান্তিক ঘটনা সংঘটিত হ’ল। ভিৰৰ মোকাবিলা কৰিবলৈ আৰক্ষী-প্রশাসন সম্পূৰ্ণৰূপে ব্যর্থ হোৱা বুলি অভিযোগ কৰিছে প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। লক্ষণীয়ভাৱে চৰকাৰৰ অযোগ্যতাৰ বাবেই এই ঘটনা সংঘটিত হ’ল বুলি পাটনায়কে অভিযোগ কৰিছে। ইফালে কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকার্জুন খার্গেয়ো এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে এনে ঘটনা সন্দৰ্ভত পুংখানুপুংখভারে তদন্ত চলাব লাগে বুলিও খার্গেই দাবী জনাইছে। ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝিয়ে চৰকাৰী গাফিলতিৰ কথা স্বীকাৰ কৰি জগন্নাথ ভক্তসকলৰ ওচৰত এনে শোকাৱহ ঘটনাৰ বাবে ক্ষমা প্রার্থনা কৰিছে। এই ঘটনা সন্দর্ভত দোষীক শাস্তি দিয়া হ’ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।