অসম ফাৰ্মাচী পৰিষদৰ সংবাদ মেল

অসম ফাৰ্মাচী পৰিষদৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত অসম ফাৰ্মাচী পৰিষদৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক জ্ঞানেন্দ্ৰ হালৈয়ে এক সংবাদমেল আয়োজন কৰে । উল্লেখ থাকে যে উক্ত পৰিষদৰ অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত পৰাজিত হোৱা দুইজন প্ৰাৰ্থীদ্বয় ইকবাল হুছেইন, মুছাহাবিদ আহমেদে যোৱা ২৬/০২/২০২৪ তাৰিখে মহামান্য আদালতত উক্ত নিৰ্বাচন সন্দৰ্ভত গোচৰ তৰিছিল।পৰাজিত প্ৰাৰ্থীৰ উক্ত গোচৰৰ সন্দৰ্ভত যোৱা ২১/০৬/২০২৫ তাৰিখে নিৰ্বাচনত জয়ী হোৱা ৬ জনকৈ প্ৰাৰ্থী বৈধ ঘোষণা কৰি ৰায় প্ৰদান কৰে। সুদীৰ্ঘ দিন ধৰি ফাৰ্মাচী পৰিষদ খন গঠন নোহোৱাত বিত্তীয় খেলিমেলি তথা কেলেংকাৰি সংঘটিত হোৱা হেতুকে বহু উচ্চ শিক্ষিত উত্তীৰ্ণ প্ৰাৰ্থীয়ে ৰঙা ফিটাৰ মেৰপাকৰ বাবে বাধাগ্ৰস্ত হৈছে। ফাৰ্মাচী প্ৰৱেশ অৰ্থাত ( Entrance)/ প্ৰস্থান ( Exit) পৰীক্ষা অসম চৰকাৰে ৰাজ্যৰ সকলো চৰকাৰী /বেচৰকাৰী অনুষ্ঠানৰ নামভৰ্তিৰ পৰীক্ষা চৰকাৰী বিশ্ববিদ্যালয়ৰ দ্বাৰা নিয়ন্ত্ৰিত কৰাৰ সিদ্ধান্তক সংগঠনটোৱে আদৰণী জনোৱাৰ লগতে মেঘালয় অৰুণাচল বা অসমৰ বাহিৰৰ ৰাজ্যত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বোৰক পুনৰ ফাৰ্মাচী প্ৰস্থান পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনায়। সুদীৰ্ঘ দিন বিত্তীয় খেলিমেলি তথা ৰঙা ফিটাৰ মেৰপাকত সোমায় থকা তথ্য তথা নথিপত্ৰ প্ৰয়োজন সাপেক্ষে এছ আই টি গঠন কৰি তদন্ত কৰিবলৈ দাবী জনায়। নতুন প্ৰেচক্রিপচনৰ ব্যৱস্থা পত্ৰ ( Medical Council of India) ই জাৰি কৰা সকলো চিকিৎসা ব্যৱস্থা পত্ৰত সিকিৎসক ও ফাৰ্মাচীষ্টৰ সাক্ষৰ অনিবাৰ্য। এই নিয়ম চুবুৰীয়া ৰাজ্য অৰুণাচল চৰকাৰে কাৰ্যকৰী কৰাৰ ধৰণে অসমতো উক্ত আইনৰ প্ৰৱৰ্তন কৰাৰ বাবে লগতে ফাৰ্মাচীষ্ট আইনৰ (Sec 42) ধাৰা বলৱৎ কৰিবলৈ সংগঠনটোৱে চৰকাৰক সংবাদ মাধ্যম যোগে দাবী জনায় ।