জ্যেষ্ঠ আইপিএছ বিষয়া পৰাগ জৈনক ৰ’ৰ মুৰব্বী হিচাপে নিযুক্তি

জ্যেষ্ঠ আইপিএছ বিষয়া পৰাগ জৈনক ৰ’ৰ মুৰব্বী হিচাপে নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- অপাৰেচন সিন্দূৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা জ্যেষ্ঠ আইপিএছ বিষয়া পৰাগ জৈনক ৰিছাৰ্চ এণ্ড এনালাইছিছ উইং( ৰ’)ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে ১৯৮৯ বেটছৰ পঞ্জাব কেডাৰ আইপিএছ বিষয়া পৰাগ জৈনক নতুন ৰ’ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে। ১ জুলাইত পৰাগ জৈনে দায়িত্ব গ্ৰহণ কৰিব। ৰ’ৰ মুৰব্বী ৰবি সিন্‌হাৰ স্থানত দায়িত্ব গ্ৰহণ কৰি পৰাগ জৈনে দুবছৰৰ বাবে পুনৰ দায়িত্ব গ্ৰহণ কৰিব। উল্লেখ্য যে ভাৰতৰ সবাতোকৈ প্ৰত্যাহ্বানমূলক নিৰাপত্তাৰ অঞ্চল জম্মু-কাশ্মীৰত কাম কৰাৰ প্ৰচুৰ অভিজ্ঞতা সম্পন্ন দক্ষ বিষয়া পৰাগ জৈনে তেওঁৰ চাকৰিৰ জীৱনত অনেক শীর্ষ পদত কাৰ্যনিৰ্বাহ কৰে। ২০২১ চনৰ ১ জানুৱাৰীত পঞ্জাবৰ আৰক্ষী সঞ্চালক হিচাপে পদোন্নতি লাভ কৰা পৰাগ জৈনক পিছলৈ কেন্দ্রীয় চৰকাৰে নতুন দিল্লীলৈ ডেপুটেচনত আনে আৰু বিভিন্ন গুৰুত্বপূৰ্ণ কৰ্মত নিয়োজিত কৰে। ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ ক্ষেত্রত অতি দক্ষ হিচাপে চৰকাৰৰ পছন্দৰ ব্যক্তি জ্যেষ্ঠ আইপিএছ বিষয়া পৰাগ জৈনে কানাডা আৰু শ্রীলংকাত ভাৰতক প্রতিনিধিত্ব কৰিছিল। কানাডাত থকা সময়ছোৱাত জৈনে খালিস্তানীপন্থী পৰিস্থিতিতন্ত্ৰ পোহৰলৈ আনিবলৈ সক্ষম হৈছিল আৰু খালিস্তানীপন্থীৰ ভয়াৱহতাৰ ক্ষেত্ৰত নতুন দিল্লীক অৱগত কৰিছিল। জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত উক্ত অঞ্চলত নিয়োজিত আইপিএছ বিষয়া পৰাগ জৈনে ৰ’ৰ ভিতৰত থাকি পাকিস্তান সম্পর্কীয় তথ্য যুগুত কৰিছিল।