১৬ আগষ্টৰ পৰা খুলিব আন্তঃজিলা যাতায়াতঃ কাইলৈৰ পৰা ৰাজ্যত কভিডৰ নতুন এছ.ও .পি(SOP) : ১ ছেপ্টেম্বৰৰ পৰা খুলিব কলেজ

pc-assamnewslive

কাইলৈৰ পৰা ৰাজ্যত কভিডৰ নতুন SOP

অনলাইন বাৰ্ত্তাসেৱা-  ৰাজ্যৰ আন সকলো জিলাতে ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ, পূৰ্বৰ দৰেই বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱত থাকিব সান্ধ্য আইন । কণ্টেইনমেণ্ট জিলা গোলাঘাট আৰু লখিমপুৰত শিথিল সান্ধ্য আইন, ১ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।৭ আগষ্টৰ পৰা ৬ বজালৈ দোকান-পোহাৰ খোলাৰ অনুমতি দিব প্ৰশাসনে। ১৬ আগষ্টৰ পৰা খুলিব আন্তঃজিলা যাতায়াত। ১ ছেপ্টেম্বৰৰ পৰা  চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ অৰ্থাত দশম, দ্বাদশ, স্নাতক ষষ্ঠ ষান্মাসিক আৰু স্নাতকোত্তৰ শ্ৰেণীসমূহ খোলাৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ বুলি এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। by utpal kalita