অসমীয়াৰ অন্তৰৰ বেদনা — ফখৰুদ্দিন আহমেদ

pc-a3rd space

অসমীয়াৰ অন্তৰৰ বেদনা
~~~~~~~

ফখৰুদ্দিন আহমেদ

অসমৰ ইতিহাস আৰু বাস্তব অভিজ্ঞতাৰ পৰা সকলোৱে প্ৰতীয়মান হ’ব যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা অংগ ৰাজ্য হিচাপে অসমে আন্দোলন নকৰাকৈ লাভ কৰা সা-সুবিধা আঙলিৰ মুৰত গননা কৰিব পাৰি। শৰাইঘাটৰ দলঙৰ পৰা আৰম্ভ কৰি নুমলীগড় তেল শোধনাগাৰলৈকে সংপৃক্ত হৈ আছে অসমৰ জনতাৰ আত্মোৎসৰ্গৰ কথা। ভাষা আন্দোলন , অসম অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰু কা আন্দোলন আদিৰ কোনটি আন্দোলনত অসমৰ ডেকা ডেকিৰীৰ তেজেৰে অসমৰ মাটি ৰাঙলী নোহোৱাকৈ আছে? দেশপ্ৰেমৰ বাবে জীৱন আহুতি দিয়াৰ খতিয়ানত অসমত বসবাস কৰা হিন্দু , মুছলমান , খ্ৰীষ্টান আৰু শিখ আদি ধৰ্মীয় মানুহৰ নাম ইতিমধ্যে সন্নিবিষ্ট হৈ আছে। জীৱনে মৰনে এক অসমীয়া হৈ থকাৰ এই পৰম্পৰাৰ পৰিক্ৰমা দীৰ্ঘদিনীয়া। বীৰ লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পৰা কেইদিনমান পূৰ্বে মিজো আৰক্ষী আৰু মিজো সন্ত্ৰাসবাদীৰ গুলীত ছয় গৰাকীকৈ অসম আৰক্ষী শ্বহীদ হোৱাৰ দিনটোলৈকে। এক অসমীয়া হৈ বিশ্বত পৰিচয় দিয়াৰ এই পৰম্পৰাত সময় সাপেক্ষে আৰু দেশৰ বাবে উৎসৰ্গিত বহু সঁচা ঘটনা যোগ হৈ গৈ থাকিব , এয়া নিশ্চিত।
স্মাৰ্ট ফোনটি হাতত ল’লেই সহজলভ্য হৈ পৰা অসম মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষীৰ জোৱান শ্বহীদ কেইগৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা আৰু পৰিয়ালত থকা মাঁ , দেউতা , ককাই , ভাই , ভনী , পত্নী আৰু পুত্ৰ-কন্যা সকলৰ কান্দোন লগতে বেদনা ভৰা মন্তব্যবোৰে মোকেই নহয় , অসমৰ সকলো জনসাধাৰনক ব্যথিত আৰু বিব্ৰত কৰি ৰাখিছে। পৰিয়ালৰ সদস্য সকলে এক অনিশ্চিত ভবিষ্যতলৈ গতি কৰিছে। চৰকাৰে ঘোষনা কৰা টকা আৰু চাকৰিয়েই শ্বহীদ গৰাকীৰ প্ৰতিদান হ’ব নোৱাৰে।শোকে বিধৌত কৰা অন্তৰবোৰ আৰু সমগ্ৰ অসমবাসীৰ অন্তকৰনত উদিত হোৱা প্ৰশ্নটি হ’ল সাৰ্বভৌম দেশ ভাৰতবৰ্ষৰ অন্তৰ্গত হৈয়ো মিজোৰামৰ আৰক্ষীয়ে দুৰ্বৃত্ত বা মিজো সন্ত্ৰাসবাদীৰ লগত যুক্ত হৈ কিয় একেখন দেশৰেই দেশ ৰক্ষাৰ বাবে নিয়োজিত জোৱানক গুলীয়াই হত্যা কৰিলে? এনে ধৰনৰ ঘটনা নিশ্চয় পৃথিবীৰ ভিতৰতে বিৰল।
এই ঘটনাৰ পিছত অসমৰ ৰাজনৈতিক মহলৰ মন্তব্যবোৰে কিন্তু গতানুগতিকতাৰ পৰিধি ভেদ কৰিবলৈ সক্ষম নহ’ল। যিটো সময়ত শাসক আৰু বিৰোধী এক লগ হৈ ৰাজনৈতিক ভাবে মিজোৰামক যোগ্য প্ৰত্যুত্তৰ দিব পাৰি তাৰ আঁচনি প্ৰস্তুত কৰিব লাগিছিল তাকে নকৰি পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰাত ব্যস্ত হৈ পৰিল।
ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ সীমা নিশ্চিত কৰাৰ দায়িত্ব সংবিধান মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ। জানিবলৈ পোৱা মতে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ বিগত প্ৰায় ৭৪ বছৰত বহুকেইখন বৰ্ডাৰ কমিচন ৰাজ্য সমূহৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা দিছিল।কিন্তু চৰকাৰী সা সুবিধা সমূহ লোৱাৰ ব্যতিৰেক দেশ তথা ৰাজ্য সমূহৰ কোনো লাভালাভ নহ’ল। যাৰ পৰিনতিত অসম মেঘালয়ৰ সীমান্তৰ লাইলাপুলৰ সেই অভিশপ্ত ঘটনা সংঘটিত হ’বলৈ পালে। অসম আৰক্ষীয়ে আকস্মিক ভাবে মুখামুখী হ’বলগা এই ঘটনাটিৰ বাবে যিদৰে অসমৰ মুখ্যমন্ত্ৰী মহোদয় দায়ী নহয় , ঠিক তাৰ বিপৰীতে সীমা সমস্যা সমাধানৰ কাম কেৱল কেন্দ্ৰইহে কৰিব পাৰে , এয়া সাংবিধানিক কথা বুলি বক্তব্য প্ৰদান কৰাটোৱেই এনে জটিল পৰিস্থিতিৰ গ্ৰহনযোগ্য সমাধান সুত্ৰ নহয়। সন্ত্ৰাসবাদী পন্থাৰে মিজোৰাম সৃষ্টিত লালডেংগাৰ সৈতে অৰিহনা আগবঢ়াই অহা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই যদি সীমা সুৰক্ষাৰ বাবে মিজো আৰক্ষী আৰু মিজো সন্ত্ৰাসবাদীক ব্যবহাৰ কৰিব পাৰে তেনেহ’লে অসম চৰকাৰে সীমা সুৰক্ষাৰ দিশ চম্ভালিবলৈ কিয় উপযুক্ত ব্যবস্থাৰ উদ্ঘাটন কৰিব নোৱাৰে?
মিজোৰামৰ ছাত্ৰ সমাজে অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ সীমা সুৰক্ষাৰ ক্ষেত্ৰত স্বমত আগবঢ়াই পত্ৰ প্ৰেৰন কৰিছে। মিজোৰামৰ ৰাজ্য সভাৰ সাংসদে পুনৰ হুংকাৰ দিছে দিল্লীৰ পৰাই। আমাৰ সদৌ অসম ছাত্ৰ সন্থাকে ভিতৰ কৰি ছাত্ৰ সংগঠনবোৰে বাতৰি কাকতত বিবৃতি দিছে আৰু চ’চিয়েল মেডিয়াৰ মজিয়াত তালফাল লগাই আছে। কিছুমান হিন্দুত্ববাদীয়ে এই ঘটনা সংঘটিত হোৱাৰ পটভুমিক সাম্প্ৰদায়িক ৰহন সানিবলৈ উঠি পৰি লাগিছে। কোনো কোনো অসমৰ মন্ত্ৰী মহোদয়ে কংগ্ৰেছ দলৰ বিগত পোন্ধৰ বছৰীয়া শাসন কালক দোষাৰোপ কৰিছে এই অনাকাংখিত ঘটনাৰ বাবে। পিছে বি জে পি দলেও যে অসমৰ শাসন সম্প্ৰতি ছয় বছৰ ধৰি কৰি আছে সেয়া পাহৰি গ’লে নহ’ব।
অসমৰ ৰাইজে সাম্প্ৰতিক সময়ত হিন্দু মুছলমান ৰাজনীতি , গো সুৰক্ষা আইন ইত্যাদিতকৈ নাগৰিকৰ সুৰক্ষা , নাৰী সুৰক্ষা , মূল্যবৃদ্ধি ৰোধ আৰু ৰাজ্যৰ সীমা সুৰক্ষাৰ ওপৰতহে অসম চৰকাৰে অধিক গুৰুত্ব দিয়া বিচাৰিছে। কেৱল হিন্দু মুছলমানৰ নাম লৈ ৰাজনীতি কৰিব বিচৰা সকলে এবাৰ চকু মেলি চাওক শ্বহীদ আৰক্ষী জোৱান ছয় গৰাকীৰ ভিতৰত তিনি গৰাকীয়েই ইছলাম ধৰ্মীয়। হিন্দু মুছলমান কৰি কৰি সম্প্ৰীতিত আঘাত কৰিব পৰা যায় কিন্তু সম্প্ৰীতিৰ মনিকুট নাইবা মিনাৰ ধ্বংশ কৰিব পৰা নাযায়। এয়া উপলব্ধি কৰাৰ সময়।
আবেগতকৈ বিবেকক প্ৰাধান্য আৰু শ্বহীদৰ কেচা তেজৰ মূল্য দিব পাৰিলেহে অসমে প্ৰকৃততে প্ৰগতিৰ পথত ধাবমান হ’ব পাৰিব বুলি গভীৰ ভাবে আশা কৰিব পাৰি।