২৭ জুনৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলী মহাবিদ‍্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলেচনা চক্ৰ

২৭ জুনৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মাজুলী মহাবিদ‍্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলেচনা চক্ৰ

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী মহাবিদ্যালয়ত অহা ২৭ জুন তাৰিখৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Bioresources Conservation: Challenges and Opportunity on the Dynamic Climate Changes in  Northeast India’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ । ‘অনুসন্ধান নেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যন’ আৰু ‘জৈৱ প্ৰযুক্তিবিদ্যা বিভাগ’ৰ অৰ্থ সাহাৰ্যেৰে উদ্ভিদ বিজ্ঞান বিভাগ, প্ৰাণী বিজ্ঞান বিভাগ, ইক’ ক্লাব তথা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ যুটীয়া সহযোগত  অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনিত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক অংশগ্ৰহণকাৰীয়ে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে নিজৰ গৱেষণা পত্ৰ পাঠ কৰিব। ২৭ জুন পুৱা দহ বজাৰ পৰা হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই আদৰণি ভাষণ আগবঢ়াব। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰমেশ চন্দ্ৰ ডেকা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱা, উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ বীৰেন্দ্ৰ এম. তিৱাৰী তথা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ ক্ষীৰপদ দত্ত। এই অনুষ্ঠানতে বিষয়বস্তু সম্পৰ্কত মূল বক্তৃতা আগবঢ়াব নতুন দিল্লীৰ টেৰীচাচৰ অধ্যাপক ডঃ শশীভূষণ ত্ৰিপাঠী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বিজয় নেওগে । উদ্বোধনী অনুষ্ঠানৰ পাছত হ’বলগীয়া বিশেষ এক আলোচনা সত্ৰত মূল বক্তৃতা আগবঢ়াব উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মূখ্য বিজ্ঞান ডঃ লক্ষী শইকীয়াই। মধ্যাহ্ন ভোজনৰ বিৰতিৰ পিছত সমান্তৰালভাৱে চাৰিখনকৈ আলোচনা সত্ৰ অনুষ্ঠিত হ’ব য’ত বিশেষ বক্তৃতা প্ৰদান কৰিব ডঃ অজয় কুমাৰ দাস, ডঃ পাৰ্থপ্ৰতিম বৰা, ডঃ গীতামণি দত্ত, ডঃ অজন্তা ডেকা, ডঃ ৰঞ্জিত দত্ত, ডঃ ধৰ্মেশ্বৰ বৰ্মন, ডঃ চফিকুল ইছলাম ভূঞা প্ৰমুখ‍্যে আগশাৰীৰ অধ্যাপক তথা গৱেষকে। আনহাতে ২৮ জুন তাৰিখে সম্পূৰ্ণ অনলাইন মাধ্যমেৰে চাৰিখনকৈ আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। সেইদিনাই বিয়লি আনুষ্ঠানিকভাৱে সামৰণি অনুষ্ঠানো আয়োজন কৰা হৈছে। আলোচনাচক্ৰখনি সফলতাৰ ক্ষেত্ৰত সহায়-সহযোগ কৰিবলৈ উদ্যোক্তাসকলৰ হৈ সমন্বয়ক ইন্দিৰা বড়া, ডঃ জুলি গগৈ, ডঃ পল্লৱী দুৱৰা, ডঃ দেৱজ‍্যোতি ভট্টাচাৰ্য, ডঃ মঃ আমিনুল ইছলাম আৰু আচাৰ্য মোহন দাসে অনুৰোধ জনাইছে।