দেশবাসীৰ বাবে ঐতিহাসিক মুহূৰ্ত; তিনি সতীৰ্থৰ সৈতে মহাকাশলৈ উৰা মাৰিলে শুভাংশু শুক্লা

দেশবাসীৰ বাবে ঐতিহাসিক মুহূৰ্ত; তিনি সতীৰ্থৰ সৈতে মহাকাশলৈ উৰা মাৰিলে শুভাংশু শুক্লা

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত বহু অপেক্ষাৰ অন্তত স্পেছএক্সৰ ড্ৰেগণ কেপচুলে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰীক লৈ উৰা মাৰিলে মহাকাশ অভিমুখে।  বুধবাৰে ভাৰতৰ সময় অনুসৰি ১২:০১ বজাত নাছাৰ আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ফেলকন ৯ ৰকেটৰ সফল উৎক্ষেপণ হৈছে। ইয়াৰ লগে লগে শুভাংশু শুক্লা হৈ পৰিছে ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ দ্বিতীয়গৰাকী মহাকাশচাৰী। এই অভিযানত পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰীসকলো অন্তৰ্ভুক্ত । উল্লেখ্য যে, প্ৰথম অৱস্থাত ‘এক্সিয়াম-৪’ অভিযান যোৱা ২৯ মে’ত নাছা আৰু ইছৰোৰ যৌথ পদক্ষেপত আৰম্ভ হোৱাৰ কথা আছিল যদিও প্ৰতিকুল বতৰ আৰু কাৰিকৰী ত্ৰুটিকে ধৰি বিভিন্ন কাৰণত এই অভিযান বাৰে বাৰে পিছুৱাই দিয়া হৈছিল।  অৱশেষত মঙলবাৰে নাছাই ঘোষণা কৰে যে বুধবাৰে এই অভিযান আৰম্ভ হ’ব। সেই মতেই আজি চাৰিওজন মহাকাশচাৰীক লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ উৰা মাৰে মহাকাশযানখন।নিৰ্ধাৰিত সময়তে কেনেডি মহাকাশ কেন্দ্ৰৰ ৩৯ ‘এ’ লঞ্চ কমপ্লেক্সত মহাকাশযানখনত উঠে চাৰিও মহাকাশচাৰী। তাৰ পিছত ঠিক ১২:০১ বজাত উৎক্ষেপণ হয় ‘ফেলকন-৯’ৰকেট।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পুত্ৰ শুভাংশু শুক্লা  ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন। তেওঁ মহাকাশলৈ যোৱা ‘ড্ৰেগন’ৰ পাইলট। তেওঁ যুদ্ধ বিমানৰ যুদ্ধ নেতা আৰু বায়ুসেনাৰ পৰীক্ষামূলক পাইলট । শুভাংশুৰ Su-30 MKI, মিগ-21, মিগ-29, জাগুয়াৰ, ড’নিয়াৰ আৰু হক আদি বিমান ২ হাজাৰ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে ।

অৱশ্যে এই অভিযানৰ নেতৃত্বত আছে নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেছৰ মানৱ মহাকাশ উৰণ পৰিচালক পেগীহুইটছন।  ইয়াৰ উপৰিও পোলেণ্ডৰ স্লাৱনস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপুও আছে এই দলটোত। মন কৰিবলগীয়া যে ১৪ দিনীয়া এই অভিযানৰ বাবে চাৰিও মহাকাশচাৰীয়ে দীঘলীয়া প্ৰশিক্ষণৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।মহাকাশলৈ যাত্ৰাৰ পূৰ্বে যাতে তেওঁলোক কোনো ধৰণৰ সংক্ৰামক ৰোগত আক্ৰান্ত নহয় তাৰ বাবে চাৰিওজনে যোৱা এমাহ কোৱাৰেণ্টাইনত থাকিব লগা হৈছিল। তেওঁলোক অহা ১৪ দিন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব। তাত কমেও ৬০টা পৰীক্ষা কৰিব।