অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত যোগদান
ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়াত এক বৃহৎ দলীয় সভা আৰু যোগদান সমাৰোহ অনুষ্ঠিত হয় । উক্ত দলীয় সভা আৰু যোগদান সমাৰোহত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে কেন্দ্ৰীয় তথা জিলা সমিতিৰ নেতাসকল ৷ তিনিচুকীয়াৰ বিভিন্ন ভাষাভাষী, ধৰ্মালম্বীৰ সহশ্ৰাধিক লোকে অসম জাতীয় পৰিষদ দলত যোগদান কৰাৰ লগতে বিজেপি, অগপ, কংগ্ৰেছ, আপৰ পৰাও বহুলোকে আজি অসম জাতীয় পৰিষদ দলত যোগদান কৰা বুলি সদৰি কৰাৰ লগতে আৰু বৃহৎসংখ্যক লোকে যোগদানৰ বাবে প্ৰস্তুতি চলাই আছে বুলি সদৰি কৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।