কৃত্ৰিম বানত ডুব গ’ল ঐতিহাসিক ৰংঘৰৰ বাকৰি

কৃত্ৰিম বানত ডুব গ’ল ঐতিহাসিক ৰংঘৰৰ বাকৰি

ৰঙিলী বাৰ্ত্তাসেৱা- এজাক বৰষুণতেই কৃত্ৰিম বানত ডুব গ’ল ঐতিহাসিক ৰংঘৰ ৷ এছিয়া মহাদেশৰ প্ৰথম ক্ৰীড়া পেভিলিয়ন ৰংঘৰৰ সন্মুখত এক আঠু পানী ৷ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৰংঘৰ বাকৰিত ৷ ৰংঘৰৰ বাকৰিত একাঁঠু পৰ্যন্ত পানী দেখি হতবাক অঞ্চলটোৰ লোকসকল ।ৰংঘৰৰ লগত অসমীয়া জাতিৰ আবেগ জড়িত হৈ আছে ৷ ৰংঘৰ জাতিৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক ৷ এনে পৰিস্থিতিত অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে বুলি দল-সংগঠনসমূহে দাবী কৰিছে ।

ৰংঘৰৰ চৌহদৰ পৰা বৰষুণৰ পানী ওলাই যোৱা নলা-নৰ্দমাসমূহ সঠিকভাৱে খনন নকৰা, পৰিকল্পনা অবিহনে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কাম কৰা, ইয়াৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ নামত কেতবোৰ নলা পুতি পেলোৱা আদি কেতবোৰ কাৰণতে কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে দল-সংগঠনসমূহে । উল্লেখ্য যে নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ পিছতে শিৱসাগৰ নগৰৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ৰংঘৰৰ সমান্তৰালকৈ বানত বুৰ গৈছে শিৱসাগৰ নগৰৰ বিভিন্ন অঞ্চল । গুৰুত্বপূৰ্ণ বাটপথ এতিয়া পানীৰ তলত । শিৱসাগৰ নগৰৰ সৰহ সংখ্যক অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহতো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু বিদ্যালয় তথা শিক্ষা প্ৰতিষ্ঠান বানৰ বাবে বন্ধ ৰাখিব লগা হৈছে । বহু চৰকাৰী কাৰ্যালয়ো কৃত্ৰিম বানৰ কবলত পৰিছে । বহু লোকৰ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান কৃত্ৰিম বানত বুৰ গৈছে । একপ্ৰকাৰ শিৱসাগৰ নগৰত সাধাৰণ জীৱন যাত্ৰা প্ৰভাৱিত হৈছে ।