প্রহেলিকা-  মিতালি বৰঠাকুৰ, গুৱাহাটী

P.C unsplash

 প্রহেলিকা

যন্ত্ৰণা কাতৰ সময়
বুকুৰ গৰ্ভত এতিয়া সময়ে ৰং সলাইছে
উন্মাদ মৈঠুনৰ উত্তাপত
যেন এতিয়া পৃথিৱী জ্বলিছে।
উন্মাদ প্ৰেমত হৃদয়ৰ ভাঁজে ভাঁজে
অলক্ষিতে বৈ গৈছে
অজস্ৰ উন্মাদনাৰ কোবাল সোঁত
বুকুত হাহাকাৰ কৰা শব্দৰ কোলাহলে
হৃদয়ৰ মসৃণ অংশবোৰত ঘা হৈ বিয়পিছে।
প্ৰেমৰ আঘাতে বোৱাইছে তেজৰ চেকুৰা
সময়ে হয়তো জনা নাছিল যে
প্ৰেমৰ আঘাত যে
তৰোৱালৰ আঘাততকৈও মাৰাত্মক।
নিভাজ সম্পৰ্ক বোৰ
চিতাৰ জুইৰ দৰে দপদপকৈ জ্বলি উঠিছিল।
চকুত পলক নপৰাকৈ দেখা অযুত সপোনবোৰ
কুকুহাৰ দৰে  উৰি গৈছিল অন্ধকাৰৰ মাজলৈ।
এতিয়া হৃদয়ৰ সম্পৰ্ক বোৰ হৈ পৰিল
যেন এক প্ৰহেলিকা।
সময় বোৰ হৈ পৰিল বিনিদ্ৰ ৰজনী।