কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে।কেবিনেটৰ বৈঠকৰ অন্তত এক সংবাদ মেলযোগে এই বিষয়ে সদৰী কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। বহিঃৰাজ্যত কম দৰমহাত কৰ্মৰত নতুবা শিক্ষানুষ্ঠানত অধ্যয়নৰত অসমৰ কোনো যুৱক-যুৱতীৰ হত্যা, দুর্ঘটনা আদিৰ দৰে বিশেষ পৰিস্থিতিত মৃত্যু হ’লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে ৰাজ্য চৰকাৰে নিজা ব্যয়ত লৈ অহাৰ উদ্দেশ্যে কেবিনেটে শ্রদ্ধাঞ্জলি নামৰ এখন আঁচনিত অনুমোদন জনায়। সেইদৰে পশ্চিম কাৰ্বি আংলং জিলাত ৫,৪০০ কোটি টকা বিনিয়োগেৰে পাম্প ষ্ট’ৰেজ প্রজেক্ট স্থাপনৰ বাবে ‘হিন্দুজা’ গ্রুপক অনুমোদন প্রদান কৰে কেবিনেটে। এই বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আমাৰ ৰাজ্য চৰকাৰৰ বাজেটত আমি এইবাৰ অসমৰ বাহিৰত যদি বিশেষকৈ কৰ্মৰত কোনো যুৱক-যুৱতী আৰু অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়, তেওঁলোকৰ শৱদেহ সন্মানসহকাৰে ঘূৰাই আনিম। ইয়াৰ বাবে কেবিনেটে শ্রদ্ধাঞ্জলি নামেৰে এখন আঁচনিত অনুমোদন জনাইছে। অৱশ্যে এই আঁচনিখনে ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈ থকা অৱস্থাত বিয়োগ ঘটা ব্যক্তিক সামৰি নলয়। আঁচনিখন ৰূপায়ণত অসম আৰক্ষীৰ বিশেষ শাখাই ন’ডেল প্রতিষ্ঠান হিচাপে কাম কৰিব। বিশেষ শাখাৰ আৰক্ষী উপ-মহাপৰিদৰ্শক পৰ্যায়ৰ এজন বিষয়াই ইয়াৰ ন’ডেল বিষয়া হিচাপে নিযুক্ত হ’ব। বহিঃৰাজ্যত বিশেষ পৰিস্থিতিত মৃত্যু হোৱা যুৱক-যুৱতীৰ পৰিয়ালৰ সদস্য তথা অভিভাৱকে স্থানীয় প্রশাসন, আৰক্ষী বা ১১২ নম্বৰত ফোন কৰি ঘটনা সন্দৰ্ভত অৱগত কৰিব পাৰিব। অহা পহিলা অক্টোবৰৰ পৰা ৰূপায়ণ হ’বলগীয়া এই আঁচনিখনৰ বাবে সামাজিক মাধ্যমতো এটা বিশেষ একাউন্ট মুকলি কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। এডভান্টেজ আছামত স্বাক্ষৰিত আন এখন চুক্তি বাস্তৱত ৰূপায়িত হোৱাৰ দিশে অগ্ৰসৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমৰ বাবে এটা আনন্দৰ বতৰা। পশ্চিম কাৰ্বি আংলঙত হিন্দুজা গ্রুপে ৯০০ মেগাৱাটৰ এটা পাম্প ষ্ট’ৰেজ নিৰ্মাণ কৰিব খুজিছে। ইয়াৰ ফলত ৫,৪০০ কোটি টকা বিনিয়োগ হ’ব। হিন্দুজা গ্রুপক আজি কেবিনেটে প্রয়োজনীয় অনুমোদন প্রদান কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত থকা ৰাভাসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়া মতে, প্রস্তাবিত এই উন্নয়ন পৰিষদখনে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলৰ আৰ্থ-সামাজিক, শৈক্ষিক তথা সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্রহণ কৰিব। এতিয়াৰে পৰা সংহত শিশু বিকাশ প্রকল্পৰ অধীনৰ ছুপাৰভাইজৰ পদৰ সংৰক্ষণ অংগনৱাড়ী কৰ্মীসকলৰ বাবে ৫০ শতাংশ হ’ব। ২৫ শতাংশৰ পৰা ৫০ শতাংশলৈ এই বৃদ্ধিত কেবিনেটে অনুমোদন জনোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ইয়াৰ পূৰ্বে ১০ বছৰ কাম কৰা অংগনৱাড়ী কৰ্মীসকলৰ ছুপাৰভাইজৰলৈ পদোন্নতিৰ বাবে ২৫ শতাংশ পদহে সংৰক্ষিত আছিল। এতিয়া ৫০ শতাংশ হ’ব। ছুপাৰভাইজৰৰ বাকী ৫০ শতাংশ পদ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ পৰীক্ষাৰ জৰিয়তে পোনপটীয়াকৈ পূৰণ কৰা হ’ব। আজিৰ কেবিনেটে ৰাজ্যৰ তৃতীয় লিংগৰ ব্যক্তিসকলক সামাজিক তথা শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ মৰ্যাদা দিয়াৰ সিদ্ধান্তও গ্রহণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ আধাৰতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। অৱশ্যে এনে মর্যাদা তথা ইয়াৰ পৰিচয়-পত্ৰ পাবলৈ হ’লে তৃতীয় লিংগৰ ব্যক্তিসকল অসমৰ মূল বাসিন্দা তথা খিলঞ্জীয়া হ’ব লাগিব। মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাসকলৰ বাবে কেবিনেটে সুখবৰ কঢ়িয়াই আনিছে। কিয়নো ৰান্ধনী আৰু সহায়িকাসকলৰ পাৰিতোষিক অহা পহিলা অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ২,০০০ টকালৈ বৃদ্ধি পাব। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বহুদিনৰ পৰা একাংশ মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ প্ৰৰোচনাত পৰি বা যিধৰণে নহওক কিয়, কৈ থাকে অক্ষয়পাত্র আহিব, আমাৰ চাকৰি যাব। বিশেষকৈ কিছুমান বাঁওপন্থী ৰাজনৈতিক আদৰ্শৰ লোকে তেওঁলোকৰ মাজত সোমাই আন্দোলন কৰাৰ কাৰণে লৈ আহে। ডিব্ৰুগড়ৰ এখন সভাত মই কৈছিলোঁ চাকৰি যোৱাৰ কথাই নাই। দুই-এদিনতে পাৰিতোষিক বাঢ়িবহে। সম্প্রতি তেওঁলোকে ১,৫০০ টকাকৈ পাৰিতোষিক লাভ কৰে। ইয়াৰে ৫০০ টকা ৰাজ্য চৰকাৰে আৰু ১,০০০ টকা কেন্দ্রীয় চৰকাৰে দিয়ে। কিন্তু অক্টোবৰৰ পৰা ৰাজ্য চৰকাৰেও এহেজাৰ টকাকৈ আৰু কেন্দ্ৰয়ো এহেজাৰ টকাকৈ দিব। এই আঁচনিখন ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে ১০৮ কোটি টকা খৰচ কৰিব লাগিব বুলিও তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰা অনুসৰি আজিৰ কেবিনেটত গোৱালপাৰা জিলাৰ ১,২৫৬ হেক্টৰ (প্রায় ১০ হাজাৰ বিঘা) মাটিকালিৰ উৰপদ বিল আৰু ২৪৫ হেক্টৰ মাটিকালিৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কৰাৰ প্ৰস্তাৱ গ্রহণ কৰে। এইক্ষেত্ৰত আগন্তুক এমাহত জনসাধাৰণৰ ওজৰ-আপত্তিসমূহ গ্ৰহণ কৰা হ’ব। যদিহে জনসাধাৰণৰ ওজৰ-আপত্তি নাথাকে তেন্তে জৈৱ-বৈচিত্র্যৰে ভৰপূৰ বিল দুখনে সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা লাভ কৰিব। ইয়াৰ লগে লগে বেদখলৰ সম্ভাৱনাও দূৰ হ’ব। নিম্ন প্রাথমিক, উচ্চ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ত বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নিযুক্ত শিক্ষকসকলক দৰমহাৰ বাৰ্ষিক বৃদ্ধি (ইনক্রিমেন্ট)ৰ সুবিধা প্ৰদানৰ বাবে আজিৰ কেবিনেটে আন এক সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়াৰ ফলত শিক্ষকসকলে ২০২৬ চনৰ জুলাই মাহৰ পৰিৱৰ্তে চলিত বৰ্ষৰ জুলাই মাহতে দৰমহাৰ বাৰ্ষিক বৃদ্ধিৰ সুবিধা লাভ কৰিব। সেইদৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্র শিক্ষা অভিযান, আছাম পাৱাৰ জেনেৰেচন কৰ্প’ৰেচন লিমিটেড (এপিজিচিএল), আছাম পাৱাৰ ডিস্ট্রিবিউচন কোম্পানী লিমিটেড (এপিডিচিএল) আৰু আছাম ইলেক্ট্রিচিটী গ্রীড কৰ্প’ৰেচন লিমিটেড (এইজিচিএল)ত কৰ্মৰত সকলো কৰ্মচাৰীয়ে এতিয়াৰে পৰা আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ সুবিধা লাভ কৰিব। কেবিনেটে ‘ছেবী’ৰ দ্বাৰা পঞ্জীকৃত তিনি হাজাৰ কোটি টকাৰ আছাম ইন্ডাষ্ট্রিয়েল এন্ড গ্রীন গ্র’থ ফাণ্ড গঠনত অনুমোদন জনায়। নৱীকৰণযোগ্য শক্তি, সেউজ আন্তঃগাঁথনি, প্রাথমিকতা প্রদান কৰা স্টার্টআপ, পৰ্যটন আৰু অন্যান্য খণ্ডত দীর্ঘম্যাদী মূলধন যোগান ধৰাৰ উদ্দেশ্যে এই পুঁজি গঠন কৰা হৈছে। ৰাজ্যত গ্রেনাইট, চূণশিল, কোৱাৰ্টছ আদিকে ধৰি বিভিন্ন খনিজ পদাৰ্থৰ অন্বেষণৰ সুবিধার্থে কেবিনেটে স্টেট মিনাৰেল এক্সপ্ল’ৰেচন ট্রাষ্ট গঠনৰ অৰ্থে আছাম ষ্টেট মিনাৰেল এক্সপ্ল’ৰেচন ট্রাষ্ট কল্প-২০২৫ প্ৰস্তুতকৰণত অনুমোদন জনায়। লগতে চন্দ্ৰপুৰত এখন নৱোদয় বিদ্যালয় স্থাপনৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰক ৪০ বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়া মতে, বসুন্ধৰা-৩.০ৰ অধীনত নামঘৰ, মন্দিৰ, ধৰ্মীয় অনুষ্ঠান তথা চৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান থকা ভূমিৰ বন্দৱস্তিৰ প্ৰস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায়। ইয়াৰে ১,৯৩৫টা প্ৰস্তাৱ নামঘৰ-মন্দিৰ সম্বন্ধীয় হোৱাৰ বিপৰীতে ৫১৮টা চৰকাৰী আন্তঃগাঁথনি থকা ভূমিৰ।