যোগাসন অপৰিহাৰ্য্য আমাৰ জীৱনত – অৰ্ণৱ কটকী

যোগাসন অপৰিহাৰ্য্য আমাৰ জীৱনত

অৰ্ণৱ কটকী
জাঁজী যোৰহাট

২১জুন আন্তৰাষ্ট্ৰীয় যোগ দিৱস। শৰীৰ চৰ্চা আমাৰ জীৱনৰ আয়ুস ৰেখা। নিয়মিত ভাৱে যোগ ব্যায়াম কৰিলে আমাৰ শৰীৰ লগতে মনৰ বাবেও লাভ দায়ক। নিৰ্দিষ্ট এটা দিনত কেৱল ফটোৰ বাবে যোগাসন কৰাতকৈ নিজক নিৰোগী কৰি ৰখাৰ বাবে প্ৰতি দিনে অন্তত: এটা সময় নিজৰ বাবে দিওঁ আহক। যান্ত্ৰিক পৃথিৱীত সকলোতে ভেজালেৰে ভৰি পৰিছে তেনে সময়ত নিজক সুস্থ কৰি ৰখাৰ বাবে যোগাসন বা শৰীৰ চৰ্চা বহু পৰিমাণে প্ৰয়োজন । সুস্থ মন আৰু সুস্থ স্বাস্থ্যই হে এখন সুন্দৰ সমাজ দিব পাৰে।

     আহক আমি সকলোৱেই নিজৰ সু স্বাস্থ্যৰ কথা ভাৱি যোগাসন বা শৰীৰ চৰ্চা কৰোঁ। ভালে থাকক সকলো। নিৰোগী হৈ জীৱন কটোৱাৰ এই শুভ দিনটোৰ পৰাই আৰম্ভণি কৰোঁ হাতে হাত ধৰি।