অসম চৰকাৰৰ উদ্যোগত নলবাৰীত বিষ্ণু ৰাভা দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অসমৰ বৰেণ্য শিল্পী, চিত্ৰকৰ, নাট্যকাৰ, অভিনেতা ইত্যাদিৰ লগতে মুক্তিযুঁজাৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৬ সংখ্যক মৃত্যু দিৱস আৰু ভিন্ন বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ৰাভাৰ জীৱন পৰিক্ৰমা মহাকাশৰ দৰে বিশাল আছিল। ৰাভাৰ ব্যক্তিত্ব অসমীয়া জাতিৰ বাবে বাটকটীয়া। বিষুপ্রসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নটসূর্য ফণী শৰ্মাই মহান সাংস্কৃতিক যুগৰ সৃষ্টি কৰিছিল। নৱপ্ৰজন্মই বিষ্ণু ৰাভাৰ আদৰ্শৰে উদ্বুদ্ধ হোৱাৰ কামনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুনৰ কয়- আজীৱন কৃষ্টিৰ পথাৰত জন্ম পোৱা জনতাৰ শিল্পীগৰাকীয়ে কৈছিল কেৱল ভূমি কর্ষণে কৃষ্টি নহয়। অদৃশ্য, অন্তৰক্ষৰ পোহৰ পথাৰ কৃষ্টিত যেতিয়া সংস্কাৰ হয় তেতিয়া সি সংস্কৃতি হয়। জীৱন যাত্ৰাৰ ঘাত-প্রতিঘাতত যেনেকৈ কৃষ্টি ৰূপান্তৰ হয় তেতিয়া সামাজিক জীৱন যাত্রাও তেনেকৈ আগুৱাই যায়। জীৱন যাত্ৰাৰ লগত কৃষ্টি, সংস্কৃতি ওতপ্রোতভাবে জড়িত। যি জাতিৰ কৃষ্টি, সংস্কৃতি গতিশীল নহয়, সেই জাতিৰ জীৱন যাত্ৰাও সঠিক নহয়। ভগৱান শ্রীকৃষ্ণই অন্যায়, অত্যাচাৰ আঁতৰাই শান্তি প্রতিষ্ঠাত আত্মনিয়োগ কৰিছিল। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে ভেদাভেদৰ ধৰ্মীয় প্ৰাচীৰ ভাঙি নামধৰ্মৰে মহাপুৰুষজনাই মানবীয় দিশ মুকলি কৰি দিছিল। লিঅ’নার্ড দ্য ভিঞ্চিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই মনীষীৰ জীৱন দৰ্শনেৰে অনুপ্রাণিত কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা ভেদাভেদৰ বিপৰীতে থিয় হৈ বৈজ্ঞানিক দৃষ্টিভংগী গঠন কৰিছিল। আনকি কলা, সংস্কৃতিৰ সমন্বয়ত গুৰুত্ব আৰোপ কৰিছিল মহান শিল্পীজনাই। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই আদৰণি ভাষণ প্ৰদান কৰা কেন্দ্ৰীয় অনুষ্ঠানত সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চাৰিগৰাকী বিশিষ্ট ব্যক্তিক ৰাজ্যিক পৰ্যায়ৰ বঁটা আৰু তিনিগৰাকী ব্যক্তিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট চিত্রশিল্পী নৰেন্দ্ৰনাথ দাস আৰু বিশিষ্ট নৃত্যশিল্পী ড° মল্লিকা কন্দলীক ২০২৫ বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হয়। আনহাতে, ২০২৫ বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা বিশিষ্ট সত্রীয়াসাধক সোণাৰাম শৰ্মা বুঢ়াভকতক আৰু বিশিষ্ট সমাজসেৱী যজ্ঞেশ্বৰ চেতিয়াক স্বৰ্গদেউ সর্বানন্দ সিংহ বঁটা প্ৰদান কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ বঁটা হিচাপে গামোচা, শৰাই, অংগবস্ত্র, প্রশস্তি পত্ৰ আৰু ২ লাখ টকা আগবঢ়োৱা হয়। আনহাতে, ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীশ্রী মাধৱদেৱ বঁটা বিশিষ্ট সাহিত্যিক-গৱেষক ড° থানেশ্বৰ শৰ্মাক, বীৰ চিলাৰায় বঁটা শ্বহীদ দীপক চিংগাখামক আৰু কালিচৰণ ব্ৰহ্মা বঁটা বিশিষ্ট কবি-সাহিত্যিক ধনেশ্বৰ ইংতিক প্রদান কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা হিচাপে গামোচা, শৰাই, প্রশস্তি পত্র, অংগবস্ত্ৰ আৰু ৩ লাখ টকা আগবঢ়োৱা হয়। অনুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তেজপুৰ সমষ্টিৰ বিধায়ক তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্র পৃথ্বিৰাজ ৰাভাই নলবাৰীৰ সৈতে থকা সম্পৰ্কৰ কথা, বেলশৰ হাইস্কুলত পঢ়াৰ কথা উল্লেখ কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ ব্যক্তিত্ব সন্দৰ্ভত বিস্তৃতভাৱে উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৃষি আৰু উদ্যান শস্য ইত্যাদি বিভাগৰ মন্ত্রী অতুল বৰা, পৰিৱেশ আৰু বন ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চলক বাবুল চন্দ্র দাস, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।