তোমাৰে সনা – প্ৰস্তুতি শৰ্মা

তোমাৰে সনা

প্ৰস্তুতি শৰ্মা,গোলাঘাট

শেতেলীখনত তোমাক খেপিয়াবলৈ ল ওতে
তুমি জোনজনীৰ ওচৰলৈ যোৱাৰ কথাটো মনত পৰিল
সেইদিনা আছিল পূৰ্ণিমা ৰাতি
তুমি জোনৰ দেশলৈ গতি কৰিলা ।
স্মৃতি বোৰ ক’ৰবাতে এৰি ।
তোমাৰ সেলেঙীবোৱা মুখখন
আজি স্মৃতি পটতত
এহতীয়া ওৰণিৰ তলত ওলমি থকা
ফাগুন ফুলা হাঁহিটো আকৌ বিচাৰো তোমাৰ।
আইতা বুকুত বৈ ৰবা তুমি
স্মৃতি হৈ যুগ যুগ।
আশীৰ্বাদৰ হাতখন যদি আকৌ পালোঁ হয় ।
উভতি চালে আকৌ মাতিবানে আইতা ।