অসম জাতীয় পৰিষদৰ সজাতি দল উপস্থিত বৰদুৱৰত

অসম জাতীয় পৰিষদৰ সজাতি দল উপস্থিত বৰদুৱৰত

ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰত অসম চৰকাৰে ১,৫০০ একৰ ভূমিত ছেটেলাইট টাউনশ্বিপ গঢ়ি তুলিব খোজা প্ৰস্তাৱৰ বিৰোধিতাৰে স্থানীয় ৰাইজে তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে। এই আন্দোলনখনৰ বুজ ল’বলৈ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ সজাতি দল এটি বৰদুৱাৰত উপস্থিত হয়। এই দলটোত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি লুৰীণজ্যোতি গগৈ, উপ–সভাপতি চন্দ্ৰকান্ত দাস, সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভুঞা, যুটীয়া সম্পাদক পংকজলোচন গোস্বামী আদিকৰি বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকে। দলোটৱে ২নং বৰদুৱাৰ বাগানৰ জাৰাপাটাত এক বৈঠকত মিলিত হয়। উক্ত বৈঠকখনৰ আঁত ধৰেবৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ মুখ্য সমন্বয়ক গোবিন্দ ৰাভাই।উক্ত বৈঠকৰ শেষত আদিবাসী ছাত্ৰ সন্থা আৰু বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সৈতেও সুকীয়া সুকীয়াভাৱে বৈঠকত মিলিত হয়।