ধুবুৰীৰ পিছত লখিমপুৰত নামঘৰৰ সমীপত উদ্ধাৰ গো-মাংস

ধুবুৰীৰ পিছত লখিমপুৰত নামঘৰৰ সমীপত উদ্ধাৰ গো-মাংস

ৰঙিলী বাৰ্ত্তাসেৱা- ধুবুৰীৰ পিছত এইবাৰ লখিমপুৰৰ ধৰ্মীয় স্থানৰ সমীপত উদ্ধাৰ হৈছে নিষিদ্ধ গো মাংস।লখিমপুৰৰ এঙাৰ খোৱাৰ ঢকুৱাখনা চিৰিং চুক গাৱঁৰ নামঘৰৰ সমীপত এটা মোনাৰ ভিতৰত এই মাংস উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। দুষ্কৃতিকাৰীয়ে সম্প্রীতি বিনষ্ট কৰাৰ উদ্দেশ্যে এনে কাণ্ড সংঘটিত কৰাৰ সন্দেহ। এই খবৰ পোৱাৰ মাত্ৰকে ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বৰ্তমানলৈকে এই ঘটনাৰ সন্দৰ্ভত ৫জন লোকক আটক কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাক লৈ ৰাইজে উচিত তদন্তৰ আশা কৰিছে আৰক্ষীৰ পৰা।  উল্লেখ্য ধুবুৰীত ধর্মীয় স্থানত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। যাৰ বাবে মুখ্যমন্ত্রীয়ে শুট এন ছাইটৰ অৰ্ডাৰ ঘোষণা কৰাৰ লগতে ৰেপিড একচন ফৰ্চ নিয়োগ কৰিছে।
তাৰ পিছতে নামনিৰ পৰা এইবাৰ উজনিতো দুষ্টচক্রই সম্প্রীতি বিনষ্ট কৰা চেষ্টা চলাইছে।