গুৱাহাটী যুৱ পৰিষদৰ উদ্যোগত সামগ্ৰী বিতৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশত মধ্য গুৱাহাটী যুৱ পৰিষদৰ উদ্যোগত দিনৰ ১১ বজাত ১১ নং আৰু ১২ নং ৱাৰ্ডৰ কেইবাটাও অঞ্চলৰ প্ৰবল বৰষুণত ক্ষতিগ্ৰস্ত হোৱা কিছু পৰিয়ালক সাক্ষাৎ কৰি ত্রিপাল প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে-অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰী, মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ উপ-সভাপতি ক্ৰমে- ভাৰ্গৱ শৰ্মা, সুনীল দাস,সদস্য ক্ৰমে-স্বপন মজুমদাৰ,জাবেদ আলী,অজয় গুপ্তা, ঘনশ্যাম মাহাতো, ৰাজেশ চক্ৰৱৰ্তী,ৰাজা পদ্দাৰ, প্ৰসজিৎ দে,দিৱাকৰ ৰাজবংশী,ত্ৰিদিপ ডেকা,ৰতন নাথ, প্ৰসজিৎ বিশ্বাস, প্ৰিয়ংকা সিংহ প্ৰমুখ্যে কেইবাজনো সতীৰ্থ উপস্থিত থাকে।