২০২৭ৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব দেশজুৰি লোকপিয়ল

২০২৭ৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব দেশজুৰি লোকপিয়ল

ৰঙিলী বাৰ্ত্তাসেৱা-  বহুচর্চিত লোকপিয়লৰ সময়সূচী ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্রীয় গৃহ মন্ত্রালয়ে এক অধিসূচনাযোগে দেশজুৰি লোকপিয়ল ১ মার্চ ২০২৭ৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰে। অৱশ্যে প্রতিকূল বতৰৰ বাবে জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাখণ্ডত ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা আৰম্ভ কৰা হ’ব লোকপিয়ল। দুটা পর্যায়ত লোকপিয়ল আৰম্ভ কৰা হ’ব বুলি কেন্দ্রীয় গৃহ মন্ত্রালয়ে অধিসূচনা জাৰি কৰিছে। ভৌগোলিক আৰু জলবায়ুভিত্তিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিয়েই লোকপিয়ল দুটা পৰ্যায়ত আৰম্ভ কৰা হ’ব। মন কৰিবলগীয়া যে ২০২১ চনতেই লোকপিয়ল আৰম্ভ কৰিব লাগিছিল যদিও ক’ভিড-১৯ অতিমাৰীৰ বাবে এই প্রক্রিয়া স্থগিত ৰাখিবলগীয়া হৈছে। উল্লেখ্য যে এই লোকপিয়লত প্ৰথমবাৰৰ বাবে জাতিভিত্তিক গণনাও কৰা হ’ব। দেশজুৰি ডিজিটেল ভিত্তিত আৰম্ভকৰিবলগীয়া লোকপিয়লৰ বাবে ৩৪ লাখ বিষয়া আৰু ছুপাৰভাইজাৰ, ১.১৩ লাখ লোকপিয়ল কৰ্মচাৰীক ব্যৱহাৰ কৰা হ’ব।