হজ যাত্ৰী কঢ়িয়াই অনা বিমানত জুই
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ বিমানত বিপর্যয়। ছৌদিৰ হজযাত্রীক লৈ লক্ষ্ণৌ বিমানবন্দৰত অৱতৰণৰ সময়তে দেখিবলৈ পোৱা গ’ল ধোঁৱা। উল্লেখযোগ্য যে, ছৌদি আৰৱৰ পৰা ২৫০ গৰাকী হজ যাত্ৰী কঢ়িয়াই আনিছিল এছ ভি ৩১১২ নম্বৰৰ বিমানখনে। ইয়াৰ পাছতে উক্ত বিমানখন সোমবাৰে পুৱা ৬ঃ৩০ বজাত লক্ষ্ণৌৰ লক্ষ্মী চৰণ সিং আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰিবলৈ লওতে বিমানখনৰ তলৰ অংশৰ বাওঁ চকাৰ পৰা সামান্য পৰিমাণে জুইৰ সুত্ৰপাত হয়। ইয়াৰ পাছতে বিমানখন ধোঁৱাৰে আৱৰি ধৰা প্ৰত্যক্ষ কৰি যাত্ৰীসকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।কিন্তু পাইলটে তৎপৰতাৰে বিমানখন ৰখাই দিয়ে। তাৎক্ষণিকভাবে যোগাযোগ কৰা হয় এয়াৰ ট্রেফিক কন্ট্রোলৰ সৈতে। ইয়াৰ পিছতে বিমানখনক পিছফালে ঠেলি টেক্সিৱেলৈ লৈ যোৱা হয়। সেই স্থানত সকলো যাত্ৰী আৰু কৰ্মীসকলক নিৰাপদে বিমানখনৰ পৰা নমাই দিয়া হয়। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় বিমানবন্দৰৰ জৰুৰী সেৱা বিভাগৰ কৰ্মী। প্রায় ২০ মিনিট পিছত পৰিস্থিতি স্বাভাৱিক হৈ পৰে বুলি বিমানবন্দৰ কৰ্তৃপক্ষই সদৰী কৰিছে ।