হংকঙৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী সমস্যা

হংকঙৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী সমস্যা

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বিজুতি। হংকঙৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান AI315 উৰণৰ মাজতে কাৰিকৰী সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।যাৰ বাবে বিমানখন পুনৰ হংকঙলৈ উভতি যায়। বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ দ্বাৰা পৰিচালিতা এই AI315 বিমানখন হংকঙৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল।উৰণৰ কিছু সময়ৰ পিছতে পাইলটে এই কাৰিকৰী  বিজুতি ধৰা পেলোৱাৰ পিছত বিমানখন বিমানবন্দৰলৈ উভতি আহে বুলি সূত্ৰই প্ৰকাশ কৰিছে । বিমান সংস্থাটোৱে এক বিবৃতিযোগে স্বীকাৰ কৰে যে বিমানখন কাৰিকৰী সমস্যাৰ বাবে ওভোতাই আনি পৰীক্ষা কৰা হৈছে ৷বিমানখন হংকঙত নিৰাপদে অৱতৰণ কৰাৰ পিছত যাত্ৰীসকলক সুকলমে বিমানখনৰ বাহিৰলৈ উলিয়াই অনা হয় ৷ যাত্ৰীসকল বাহিৰলৈ অহাৰ পিছত বিমানখনৰ পৰিদৰ্শন চলি থকা বুলি অপাৰেটৰগৰাকীয়ে জানিবলৈ দিয়ে ৷হংকঙৰ পৰা নিশা ১২.১৬ বজাত (স্থানীয় সময় অনুসৰি) দিল্লী অভিমুখে উৰা মাৰিছিল বিমানখনে । সূচী অনুসৰি বিমানখন ভাৰতীয় সময় অনুসৰি সোমবাৰে নিশা ১২.২০ বজাত দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল ৷ এক সূত্ৰৰ উদ্ধৃতি দি পি টি আইয়ে প্ৰকাশ কৰা অনুসৰি পাইলটজনে কাৰিকৰী সমস্যাৰ সন্দেহ প্ৰকাশ কৰিছিল । তেওঁ মিড এয়াৰত হংকঙলৈ উভতি যোৱাৰ সিদ্ধান্ত লয় ৷ এই সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই কয় ‘‘২০২৫ চনৰ ১৬ জুনত হংকঙৰ পৰা দিল্লীলৈ চলাচল কৰা AI315 বিমানখন কাৰিকৰী সমস্যাৰ বাবে উৰণৰ কিছু সময়ৰ পিছতে হংকঙলৈ উভতি আহিছিল । বিমানখন নিৰাপদে হংকঙত অৱতৰণ কৰোৱা হৈছে আৰু বিমানখনৰ পৰীক্ষা-নিৰীক্ষা চলি আছে । যাত্ৰীসকলক অতি সোনকালে গন্তব্যস্থান দিল্লীলৈ নিয়াৰ বিকল্প ব্যৱস্থাৰ পৰিকল্পনা কৰা হৈছে । এই অভাৱনীয় ব্যাঘাতৰ ফলত সৃষ্টি হোৱা অসুবিধা হ্ৰাস কৰিবলৈ আমি যাত্ৰীসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছো ।’’ উল্লেখ্য যে, বিগত ১২ জুনত লণ্ডন অভিমুখী বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানখন আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে কাৰিকৰী বিজুতিৰ ফলত দুৰ্ঘটনাত পতিত হৈছিল ৷ য’ত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীকে ধৰি ২৪১ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ মৃত্যু হৈছিল৷