অম্বুবাচী মেলাৰ বাবে নীতি-নিৰ্দেশনা জাৰি প্ৰশাসনৰ

অম্বুবাচী মেলাৰ বাবে নীতি-নিৰ্দেশনা জাৰি প্ৰশাসনৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২২ জুনৰ পৰা নীলাচলৰ পাহাৰৰ কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচীৰ মহাযোগ । কামাখ্যা ধামত   অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহাযোগক লৈ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে। অহা ২২  জুনৰ দুপৰীয়া ২.৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ’ব। ইয়াৰ লগে লগেই ভক্তৰ  বাবে কামাখ্যা ধামৰ  দুৱাৰ বন্ধ হৈ পৰিব। অহা ২৬ জুনত পুৱতিনিশা প্ৰায় ৩.১৯ বজাত অম্ববাচীৰ নিবৃত্তি হোৱাৰ পাছতে পুৱা ৬ বজাত যথাবিহিত পূজাৰ পাছতে ভক্তপ্ৰাণ ৰাইজৰ বাবে পুনৰ মুকলি কৰা হ’ব কামাখ্যা ধামৰ দুৱাৰ। প্ৰতিবাৰৰ দৰে এইবাৰো অম্বুবাচী সুচাৰুৰূপে আযোজন কৰিবলৈ সাজু হৈছে প্ৰশাসন আৰু কামাখ্য মন্দিৰ পৰিচালনা সমিতি। কামাখ্য ধামত ভক্তৰ সুৰক্ষাৰ বাবে মহানগৰ প্ৰশাসন আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে যুটীয়াভাবে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি, ২৬ আৰু ২৭ জুনত কোনো ধৰণৰ ভি আই পি, ভি ভি আই পি পাছৰ ব্যৱস্থা নাথাকে । ২৮ জুনৰ পৰা দৈনন্দিন দৰ্শনৰ ব্যৱস্থা আৰম্ভ হ’ব । এই দুটাদিন সাধাৰণ ভক্তই দৰ্শনৰ সুবিধা লাভ কৰিব। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এই দুদিন কামাখ্যালৈ নাহিবলৈ অনুৰোধ জনাইছে। প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি, ভক্তই পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকেহে নিলাচল পাহাৰৰ ওপৰলৈ উঠিব পাৰিব। ৩-৪ ঘন্টাৰ ভিতৰত দৰ্শন শেষ কৰি ভক্তসকল উভতিব লাগিব। এই সময়চোৱাত কোনো ভক্তই কামাখ্যা মন্দিৰ প্ৰাংগনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰিব। কিছুদিন পূৰ্বে কামাখ্যা মন্দিৰলৈ যোৱা পথটোত ভূমিস্খলন হৈছিল। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ প্ৰশাসনে ভূমিস্খলন প্ৰৱণ অঞ্চলো চিনাক্ত কৰিছে। সেই অনুসৰি মোতায়েন কৰা হ’ব SDRF আৰু NDRF বাহিনী। এই ক্ষেত্ৰত সাধাৰণ ৰাইজকো সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে। এই কেইটাদিন পাণ্ডুৰ ফালৰ পৰা অহা পথ বিশেষ কাৰণৰ বাহিৰে বন্ধ থাকিব। প্ৰশাসনে জনাই যে যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত এইবাৰ পূৰ্বতকৈ অধিক সতৰ্কতা অৱলম্বন কৰাত গুৰুত্ব দিয়া হৈছে। অধিক সংখ্যক CCTV কেমেৰা সংযোগ, পৰ্যাপ্ত আৰক্ষী বাহিনী মোতায়েন আৰু মেখেলা উজোৱা পথ সুন্দৰকৈ সজোৱা হৈছে। ভক্তসকলে যাতে বাদ্যযন্ত্ৰ বজাই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে আহ্বান জনাইছে। প্ৰশাসনে কয়, মেলাৰ বিপৰীতে শান্তিপূৰ্ণভাৱে অম্বুবাচী পালন আৰু দৰ্শনৰ ব্যৱস্থা কৰা হৈছে।  উল্লেখ্য যে, প্ৰতিবছৰে অম্বুবাচীৰ সময়ত লাখ লাখ ভক্তৰ আগমন ঘটে কামাখ্যালৈ। দেশ-বিদেশৰ পৰা বহু সাধু,সন্ন্যাসী আহি কামাখ্যা মন্দিৰ প্ৰাংগন ভিৰ কৰে। যোৱা বছৰত ২৭ লাখৰো অধিক লোকে কামাখ্যা দৰ্শন কৰিছিল। এনে পৰিস্থিতিত এইবাৰো লাখ লাখ ভক্তই মা কামাখ্য দৰ্শন কৰিব বুলি আশা কৰিছে প্ৰশাসনে।  এই ক্ষেত্ৰত ভক্তৰ সুৰক্ষা যাতে নিশ্চিত হৈ থাকে আৰু সঠিকভাবে কামাখ্যা দৰ্শন কৰিব পাৰে তাৰ বাবে প্ৰশাসনে সকলো চেষ্টা চলাইছে।