নিপুণ জ্যোতি বিশ্বৰ চৰ্তুদশ মৃত্যু বাৰ্ষিকী
বুলমণি বৰি, লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- জন্ম হ’লে মৃত্যু অনিবাৰ্য। মৃত্যুক ৰোধ কৰিব পৰা ক্ষমতা কাৰো নাই। মৃত্যুৰ পিছত মৃতকজনৰ লগত থকা সকলো আবেগ বান্ধোনৰ অন্ত পৰে যদিও কিছুমান অকাল মৃত্যুৱে জীৱন্তে সমাধিস্থ কৰি থৈ যায় জীৱিত লোকক।যি আঘাতৰ ভাৰ বৰ অসহনীয়। তেনে এক মৃত্যু দিখৌমুখীয়া গাঁৱৰ নিপুণজ্যোতি বিশ্বৰ। এটা পথ দুৰ্ঘটনাত তেখেতৰ মৃত্যু হয় । তেখেতৰ জন্ম হৈছিল ১৯৯৫ চনৰ ৫ আগষ্ট তাৰিখে।জীৱনৰ মাত্ৰ পোন্ধৰটা বছৰ অতিক্ৰম কৰি ২০১১ চনৰ ১৫ জুন তাৰিখে আত্মীয় স্বজন পৰিয়ালৰ লগতে সকলোকে কন্দুৱাই মেলানি লাগিছিল অজান দেশলৈ। ক্ষন্তেকীয়া জীৱন কালতে তেখেতে লখিমপুৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰি শিশু শিল্পী হিচাপে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।১৫ জুন ২০২৫ তাৰিখে নিপুণ জ্যোতি বিশ্বৰ চৰ্তুদশ মৃত্যু বাৰ্ষিকী উপলক্ষে মাতৃ অনাতাঁৰ শিল্পী চম্পা বৰিৰ লগতে পৰিয়ালবৰ্গ আৰু গাওঁবাসীয়ে তেখেতৰ পৱিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।