দেউতা – অৰ্ণৱ কটকী

দেউতা 

অৰ্ণৱ কটকী, জাঁজী, যোৰহাট

নিজৰ সুখ খিনি সন্তানৰ মাজত দেখি ভাল পোৱা জনেই আমাৰ দেউতা। হেজাৰ হাড় ভঙা পৰিশ্ৰম কৰি সন্তানৰ মুখত হাঁহি আঁকিব পৰা জনেই দেউতা। মা লৈ আমাৰ মৰম বহুত কিন্তু দেউতা আমাৰ আৱেগ। সাহসৰ অন্য নাম দেউতা। নৰিয়াত পৰা সন্তানৰ কাষত হয়তো উজাগৰে মা বহি থাকে দেউতাই কিন্তু আৰোগ্য নোহোৱা লৈকে নানা জন চিকিৎসক ওচৰলৈ লৈ যোৱাৰ চেষ্টা কৰে এই দেউতাই। এজন ভাল সন্তান হ’বলৈ মা দেউতাৰ মৰম শাসন অনিবাৰ্য। এজন সঁচা পিতৃ হোৱাটো সহজ নহয়। নিজৰ সকলো সুখ দুঃখ পাহৰি দিন ৰাতি একাকাৰ কৰি সন্তানক ভাল ব্যক্তি ৰূপে তৈয়াৰ কৰাত দেউতাকৰ ডাঙৰ ভূমিকা আছে। হয়তো দেউতাই দেখুৱাই মৰম কৰিব নোৱাৰিব পাৰে কিন্তু দেউতাই নিজক পাহৰি সৰ্বস্ব উজাৰি দিয়ে নিজৰ সন্তানক। ভালে থাকক প্ৰতি জন দেউতা।