আমৰ বতৰ
বিশ্বজিৎ বৈশ্য
বংশৰ, (শুৱালকুছি)
এতিয়া গ্ৰীষ্মকাল,চৌদিশে কেচা-পকা আমেৰে বজাৰ ভৰি পৰা দেখা যায়। লগতে সকলোৰে প্ৰিয় আমৰ বতৰত ঠাইভেদে গছত ওলমি থকা সৌন্দর্যটো অতিকৈ মোহনীয়। এই বতৰত যেন সকলো মানুহে সোৱাদ ল’ব ফলৰ ৰজা আমৰ। পকা আমৰ সোৱাদ সকলোৰে জিভাত লাগে, পিছে সোৱাদত কিছু টেঙা হ’লেও কেঁচা আমৰো আছে স্বাস্থ্যকৰ গুণাগুণ। আম পৃথিৱীৰ অন্যতম জনপ্ৰিয় আৰু সকলোৰে প্ৰিয় ফল। আমক “ফলৰ ৰজা” নামেৰে জনাজাত কিন্তু ই সুস্বাদু গুণৰো অধিকাৰী। মানুহৰ শৰীৰৰ বাবে দৈনন্দিন প্রয়োজনীয় খাদ্য সম্ভাৰৰ ভিতৰত আমেও সুস্বাদু অংশ এটা দশল কৰি আহিছে ৷ আকৌ ফলমূলৰ উপকাৰিতাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আম গছেও প্ৰখৰ ৰ’দৰ পৰা ছাঁ দিয়ে, যাৰ ফলত ইহঁত উদ্যান, বাগিচা,পুখুৰীৰ পাৰত আৰু অন্যান্য বাহিৰৰ ঠাইত ৰোপণৰ বাবে আদৰ্শ হৈ পৰে। আম গছৰ জোপোহা পাতবোৰেও গৰমৰ দিনত শীতল আৰু আৰামদায়ক কৰি তাৰ তলত মানুহে জিৰণি লৈও এক শীতল পৰিৱেশৰ সৃষ্টি কৰাত সহায় কৰে।আমৰ গছ কাঠৰ বাবে এক মূল্যৱান উৎস। আম গছৰ কাঠ মজবুত হোৱাৰ বাবে ইয়াক আচবাব, আৰু অন্যান্য কাঠৰ কামত ব্যৱহাৰৰ বাবেও উপযোগী কৰি তোলে। আমি ক’ব পাৰো যে আমৰ গছ কেৱল সুস্বাদু ফলৰ বাবেই মূল্যৱান নহয়, ইয়াক বহুতে ঔষধৰ বাবেও ব্যৱহাৰ কৰা দেখা যায়।