বিমান দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ আৰ্থিক ক্ষতিপূৰণ ঘোষণা টাটাৰ

বিমান দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ আৰ্থিক ক্ষতিপূৰণ ঘোষণা টাটাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজনৰ পৰিয়াললৈ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে টাটা গ্ৰুপে। টাটা গ্রুপ আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণে এক বিবৃতিযোগে টাটা গ্ৰুপে এই দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী যাত্ৰীৰ আত্মীয়লৈ ১ কোটিকৈ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে। বিমান দুৰ্ঘটনাত প্রাণ হেৰুওৱা লোকলৈ শ্রদ্ধাঞ্জলি আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি টাটা গ্রুপে এই শোকাৱহ দুর্ঘটনাত প্রাণ হেৰুওৱা লোকৰ পৰিয়াললৈ এক কোটি টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আৰ্থিক ক্ষতিপূৰণৰ সমান্তৰালকৈ টাটা গ্ৰুপে আঘাতপ্ৰাপ্ত সকলোৰে চিকিৎসাৰ খৰচো বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে। তদুপৰি বিমানখন ভাগি পৰা ডিজে মেডিকেল কলেজৰ হোষ্টেলৰ প্ৰাণ হেৰুওৱা লোকলৈও সহায় আগবঢ়াব বুলি বিবৃতিত উল্লেখ কৰিছে।আৰু লগতে বি জে মেডিকেল কলেজৰ হোষ্টেল পুনৰ নিৰ্মাণ কৰিব টাটা গ্ৰুপে। এই আশ্বাসো তেওঁলোকে প্ৰদান কৰিছে।