কুলশী নদীৰ প্ৰস্তাৱিত বৃহৎ নদীবান্ধৰ বিৰোধীতা আম আদমি পাৰ্টীৰ
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বাসীন্দালৈ দুৰ্যোগ কঢ়িয়াই আনিব — আপ
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত থকাৰ নৈতিক অধিকাৰ নাই
ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয়ৰ কুলশী নদীত স্থাপন কৰিবলৈ লোৱা বৃহৎ নদী বান্ধে গুৱাহীটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত মহা প্ৰলয়ৰ সৃষ্টি কৰিব ৷ অঞ্চলবাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব ৷ এই অভিযোগ আম আদমি পাৰ্টীৰ ৷ কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে কয়, বিশেষজ্ঞসকলে বাৰে বাৰে সঁকিয়াই অহাৰ পিছতো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিষয়টো উপেক্ষা কৰি আহিছে ৷ নামনি – সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পক কেন্দ্ৰ কৰি চৰকাৰে বিশেষজ্ঞ কমিটী গঠন কৰিছিল ৷ বিশেষজ্ঞ কমিটীয়ে প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰৰ হাতত দিলে ৷ বৃহৎ নদী বান্ধৰ পৰিৱৰ্তে সৰু সৰু বান্ধৰ পৰামৰ্শ দিলে বিশেষজ্ঞ সমিতিয়ে ৷ কিন্তু ইয়াত ভ্ৰুক্ষেপ নকৰিলে চৰকাৰে ৷ ইয়াৰ পিছতো অসমৰ কাষৰীয়া মেঘালয়কে ধৰি পাহাৰীয়া ৰাজ্যকেইখনত বৃহৎ নদী বান্ধ নিৰ্মাণৰ নতুন নতুন প্ৰস্তাৱ লৈছে চৰকাৰে ৷ আমি ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছোঁ আৰু বৃহৎ নদী বান্ধৰ সলনি সৰু সৰু বান্ধ নিৰ্মাণ কৰি শক্তি উৎপাদনৰ পোষকতা কৰিছোঁ ৷ বিবৃতিটোত ডাঃ চৌধুৰীয়ে বৃহৎ নদী বান্ধৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনাইছে ৷ অন্যহাতে বৃহৎ নদী বান্ধৰ বিৰোধীতাৰে ক্ষমতাত অধিষ্ঠিত হোৱা বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্নাড চাংমাইৰ সৈতে বৃহৎ নদী বান্ধ বিষয়ত সহমত পোষন কৰি চুক্তিবদ্ধ হোৱাটো লজ্জাজনক আখ্যা দিয়ে আপৰ ভাৰপ্ৰাপ্ত সভাপতিজনে ৷ ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত এক ছেকেণ্ড সময়ৰ বাবেও অধিস্থিত হৈ থকাৰ নৈতিক অধিকাৰ নাই বুলি বিবৃতিটোত ডাঃ চৌধুৰীয়ে উল্লেখ কৰে৷