কাব্যকল্প – সংগীতা ডেকা

কাব্যকল্প

 সংগীতা ডেকা,ৰঙিয়া

মোৰ কবিতাৰ মাজতেই
মই আছোঁ তুমি যে কাহানিও
বিচাৰিয়েই চোৱা নাই !
গল্প লিখিবলে মন নোযোৱা নহয়
কিন্তু দুচকুৰে বৈ পৰা
কবিতাৰ টোপালবোৰ
সামৰিবও তো লাগে মই !
তুমি যে গমকেই পোৱা নাই
গোলাপ নহ’লেও হ’ব দিয়া
কেইপাহমান ছন্দ
কেইপাহমান সেউজীয়া
মোক উপহাৰ দিবা
এটি শব্দৰ ফ্রেম বনাম মই
স্মৃতিৰ চিত্রপট সজাবলৈ ।