সুগন্ধিহীন আত্মীয়তা
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
চাৰিওপাশে আপোন মানু্হ,
কিন্তু আপোনত্ব যেন সুগন্ধিহীন।
স্বাৰ্থপৰ প্ৰাণীৰ মাজত আৱদ্ধ জীৱ
হেৰাই থাকিল মানৱতা,
আত্মীয়তা।
পুত্ৰই জন্মদাত্ৰীক
চিনি নাপায়।
ভাতৃয়ে সম্পত্তিৰ মোহত
কাটি মাৰি ঠগায়।
এইয়া হ’ল কলি যোগ
ঘোৰ কলি যোগ ।
আধুনিকতাৰ মুখটা লৈ
উৎশৃখল জীৱন কটায়,
নাই কোনো দিন ৰাতিৰ তফাৎ
পুৰুষে কৰিব পৰা সকলো কাম হেনো
নাৰীয়েও কৰিব যায়।
হেৰৌ, এই প্ৰতিযোগিতাৰ কি লাভ ?
স্বাধীনতাৰ দাম যদি নিজৰ জীৱন হয় ।