প্ৰিয় কদম – আয়েশা ছিদ্দিকা

প্ৰিয় কদম

আয়েশা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা

তোমাৰ প্ৰেমত মত্ত মই বৈৰাগীনী
বাৰিষাই যেতিয়া ভূপৃষ্ঠ চুমেহি
তোমালৈ বৰকৈ পৰে মনত
তোমাৰ সুগন্ধি মাখি বাউলী হৈ
খৰাং হৃদয় গচকি ফুৰো..
মই তোমাৰ প্ৰেয়সীজনী হৈ
অনুৰাগৰ আধা ফুটা কথা
বুনাই এমাখা অভিমান জমাই জমাই
খিৰিকিৰ চুকত ৰওঁ
আঁচলৰ আৰত তোমাক চোৱাৰ ভংগীৰে..
বাৰিষালৈ মোৰ বৰ খং বুজিলা
তোমাক কোমল মলীন দেহৰ ভাঁজ
স্পৰ্শ কৰি কিয় নিগৰে
তোমাৰ সুবাস  গাত সানি
কিয় ধুলিস্বাত কৰে ক্ষণতে….
যৌৱনৰ প্ৰথম প্ৰেম তুমি
অনুভূতিৰ অংকুৰিত ভাৱনাৰ
জয়ৰ পূৰ্ণতাৰ চিত্ৰ
তোমাক আলিংগন কৰাৰ বাসনা লৈ
মই যে প্ৰতি ক্ষন অপেক্ষা কৰো….
মোৰ কামনা বাসনাৰ
দীঘল তালিকা খনৰ তুমিয়েই
সীমান্তৰ পৰিধিৰ অন্তিম
তুমি অবিহনে মই কল্পনাকো
কল্পনা কৰিবলৈ হাক দিওঁ…