সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সাধাৰণ সভা সম্পন্ন

সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সাধাৰণ সভা সম্পন্ন: 
সাধাৰণ সম্পাদক নিৰ্বাচিত ডিব্ৰুগড়ৰ দীপজয় শইকীয়া 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  দুদিনীয়া কাৰ্যসূচীৰে ৭ আৰু ৮ জুনত লখিমপুৰ জিলাৰ  শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ সমাধীক্ষেত্ৰৰ নাহৰ‌আটি থানত অনুষ্ঠিত হোৱা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সাধাৰণ সভাত ডিব্ৰুগড় জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা মটক জনগোষ্ঠীৰ এগৰাকী সু-সন্তান, যুৱ নেতা, একালৰ ছাত্ৰ নেতা, সাংবাদিক, দ্বীপজয় শইকীয়াক কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে। সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেৱত চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা  সভাত মায়ামৰা সমাজৰ উত্তৰণৰ দিশসমূহ পুংখানুপুংখ আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত সদৌ অসম  মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক হেমন্ত গোঁহাই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি চিলন্ত লাহন, উপ- সভাপতি থানুৰাম ফুকন, সাধাৰণ সম্পাদক ভৱেন চেতিয়াকে ধৰি অসমৰ ১০ খন জিলাৰ মায়ামৰা সমাজৰ প্ৰায় শতাধিক ভক্ত প্ৰাণ ৰাইজে অনুষ্ঠানত অংশ গ্ৰহণ কৰে।উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ লাহোৱাল বকুল মাজগাঁৱ নিবাসী তথা মটক স্বায়ত্ত শাসিত পৰিষদৰ পাৰিষদ, একালৰ শিক্ষক, ২০ বছৰীয়া সাংবাদিকতাৰ অভিজ্ঞপুষ্ট, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ দুটা কাৰ্যকালৰ সাংস্কৃতিক সম্পাদক, প্ৰাক্তন আছু সতীৰ্থ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি, লাহোৱাল ক্ৰীড়া সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, ডিব্ৰুগড় নৱজাগৃতি যুৱক সংঘৰ প্ৰাক্তন সভাপতি  দ্বীপজয় শইকীয়া সম্পাদক নিৰ্বাচিত হোৱাত অঞ্চলটোৰ লগতে সতীৰ্থ বন্ধু বান্ধব সকলে আনন্দ প্ৰকাশ কৰে।