আধা আধৰুৱা মৰম – ৰূপালী গগৈ চুতীয়া

আধা আধৰুৱা মৰম

 ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়

আধা আধৰুৱা চিনাকি মন
হেঁপাহৰ পুৱাৰ সূৰুযৰ কিৰণ
নিবিচাৰোঁ ৰামধেনুৰ উজাই অহা
জীৱনৰ সাতোটি ৰং ।
বিচৰণ নকৰিবা মোৰ প্ৰতিটো লেখাত
জীয়াই থকাৰ হেঁপাহৰ পোহৰ
বতৰ ডাৱৰীয়া হ’লে মেঘ উঠিব
আবতৰত চিপচিপীয়া বৰষুণ আহিব
বুজাব নোৱাৰিম
গালত যদি পৰে আবেলিৰ ৰং ।
আধা আধৰুৱা মৰমতে
সুখী হোৱা
বিশ্বাসৰ অংকুৰটি সজীৱ হওঁক
পোৱা নোপোৱাৰ সম্ভাৱনা বৃদ্ধি হ’লে
আগুৱাই যোৱাৰ পথ দুৰ্গম হ’ব
সেয়ে খোজ ভালেকৈ দিবা
সত্য পথত বিচাৰিলে
 ভগৱানক নিজৰ অন্তৰতে পাবা
অন্তৰতে পাবা।