ৰজা আৰু ভাটৌ চৰাই
পুৰণি কালত আমাৰ দেশত
ৰজা বিক্ৰমাদিত্যই,
ঘোঁৰাত উঠি ফুৰিবলৈ গৈছিল
প্ৰজাৰ খবৰ লবলৈ।
দেখা পাইছিল দস্যুৰ ঘৰত
এটা ভাটৌ চৰাই,
ভাটোয়ে “ধৰ্ ধৰ্ মাৰ্ মাৰ”কৈ
চিয়ঁৰে ৰজাক দেখা পাই।
দ্বিতীয় দিনা ঋষিৰ ঘৰত
দেখিছিল একে চৰাই ,
সিদিনা “নমস্কাৰ আহক বহক”কৈ
ৰজাক সন্মান জনাই।
তবধ জানিছিল বিক্ৰমাদিত্যই
দুয়োটা একেবিধ চৰাই,
এটাৰ মুখত ধৰ্ ধৰ্ মাৰ্ মাৰ্
আনটোৰ মুখত নাই।
বিক্ৰমাদিত্যই কাৰণ সোধাত
মন্ত্ৰীয়ে কৈছিল হয়,
ভাল সংগত ভাল বেয়া সংগত বেয়া
জানিবা ই নিশ্চয়।