আমাৰ সৰু বাপধন
বাৰ বছৰীয়া সৰু বাপধন
খেল-ধেমালিত ৰয়,
পঢ়িবলৈ ক’লে বৰ বেয়া পায়
পঢ়া হৈছে বুলি কয়।
হিৰো বাইকখন চলাব নিদিলে
তাৰ উঠে বৰ খং,
সন্ধিয়া হ’লে পঢ়াত নব’হে
মোবাইল দিলে বৰ ৰং।
পুৱা গা ধুবলৈ বৰ ঠাণ্ডা লাগে
সি লগায় খৰ্ ধৰ্,
গৰম পানীত গা ধুবলৈ দিলে
‘আই তই বৰ মৰমৰ।’
খাবলৈ দিলে অকলে নব’হে
লাগে তাক স্মাৰ্টফোন,
টিক্ টক্ চাই সি থাকে খাই
বহু সময় লয় চোন।
স্কুললৈ যাবলৈ চাইকেল নহয়
বাইকখন লাগে তাক,
ক’ৰ’বালৈ গ’লে পিতাকক কয়
দেউতা পিছত বহক।
শীতৰ ৰাতি শুবলৈ গ’লে
চিলিং ফেনখন চলায়,
যেতিয়া উঠে কাহ চৰ্দি জ্বৰ
ভাগৰত অস্থিৰ হৈ যায়।
ডাক্তৰৰ পৰা ঔষধ-পালি আনি
দিলেও সি যে নেখায় ,
নেলাগে মোক ঔষধ-পালি একো
এনে ভাল হ’ব বুলি কয়।
এনে আদৰৰ বাপধন মোৰ
ভবিষ্যতে কি কৰিব হায়,
ডাঙৰ মানুহ কেনেকৈ হ’ব
সেইটো লৈহে মোৰ ভয়।