ৰূপহী ফাগুনী
ৰক্তিম পলাশৰ মনমুগ্ধকৰ অৱৰণে
প্ৰকৃতিৰ সৌন্দৰ্য আৰু দ্বিগুণ কৰে..
সুৰসুৰীয়া মলয়া বতাহজাকৰ ঢৌত
আম কঁঠালৰ মলমলীয়া গোন্ধ বয়…
প্ৰকৃতিয়ে পুৰণি বৰণ মোহাৰি পেলায়
নব্য অলংকাৰেৰে নিজক সজাই তোলে…
আমে মলিয়াই কঁঠালে মচি পেলাই
ধৰিত্ৰীও ন কৈ গাভৰু হয় ৰূপত…..
স্নিগ্ধ পুৱাই কুলিৰ মিঠা মাতে
প্ৰতিটো দিন সুখময় কৰি তোলে..
ধৰা সজীৱ সতেজ হৈ ৰমৰমাই
ৰূপহী ফাগুনী অহাৰ বতৰা পাই…